অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন

অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ অভয়াপুৰীৰ পিৰাধৰাৰ ঐতিহ্যমণ্ডিত মদন মোহন বিগ্ৰহত বুধবাৰৰ পৰা তিনিদিনীয়া  কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোসৱ পালন কৰা হৈছে৷

ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে ভাগৱতসহ নগৰ পৰিভ্ৰমণ কৰে৷ ৰাধা-কৃষ্ণ, দশাৱতাৰ তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল সমাৱেশেৰে প্ৰায় ৫০০০ ভক্তই ইয়াত অংশগ্ৰহণ কৰে৷

নিশা ভাগত টোকাৰী গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী হীৰকজ্যোতি শৰ্মাই৷ বৃহস্পতিবাৰে পুৱাৰ পৰাই অনুষ্ঠিত হ'ব অবিৰত নাম প্ৰসংগ৷ শুকুৰবাৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব জন্মোৎসৱৰ কাৰ্যসূচী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in