অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি… VIDEO

অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি… VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজপথত ওলাই আহিছে ছাত্ৰসমাজ৷ অব্যাহত আছে ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ৷ অভয়াপুৰীত শুকুৰবাৰে অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শ শ প্ৰতিবাদকাৰীয়ে অভয়াপুৰী নগৰৰ সোঁমাজত থকা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতেই প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷

কেব কোনোপধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ দি ছাত্ৰসকলে শৰীৰৰ শেষ বিন্দু তেজ থকালৈ ছাত্ৰ সন্থাই যুঁজি যাব বুলি উল্লেখ কৰে৷ বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷

আনহাতে উত্তৰ শালমাৰাতো উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাক পঞ্চমুখী ৰাৱণ ৰূপত প্ৰতিমূৰ্তি সজাই দাহ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in