অৱশেষত আহিল ভাল খবৰঃ মঙলদৈ উপহুপাৰাৰ অল্পনাৰ শিক্ষাৰ দায়িত্ব ল’লে ছাত্ৰ সন্থাই…

অৱশেষত আহিল ভাল খবৰঃ মঙলদৈ উপহুপাৰাৰ অল্পনাৰ শিক্ষাৰ দায়িত্ব ল’লে ছাত্ৰ সন্থাই…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ উপহুপাৰা গাঁৱৰ ২ নং কলনীৰ নিবাসী মিঠাৰাম বৰুৱা আৰু দশমী বৰুৱাৰ এক মাত্ৰ কন্যা অল্পনা বৰুৱাই পিতৃ -মাতৃৰ অসুস্থতাৰ কাৰণে পৰিয়ালটোক ভৰণ পোষণ দিবলৈ কিশোৰী গৰাকীয়ে স্কুললৈ যোৱা চাইকেলখনতে ঘৰুৱা শাক–পাচলি লৈ বিক্ৰী কৰিবলৈ ওলাই যায়। অল্পনাৰ পিতৃ কাম কৰিবলৈ অসমৰ্থ। অল্পনাৰ পিতৃ পেচাত এগৰাকী ঠেলাচালক আছিল যদিও বয়সৰ চাপত ঠেলাচালক পিতৃ এতিয়া কাম কৰিবলৈ অসমৰ্থ, আনহাতে তাইৰ মাতৃও অসুস্থ। যাৰ বাবে উপায়ন্তৰ হৈ অল্পনা বৰুৱাই ঘৰুৱা শাক–পাচলি চাইকেলখনত লৈ গাৱে গাৱে গৈ বিক্ৰী কৰি ভৰণ–পোষণ দিবলগীয়া হৈছে পিতৃ–মাতৃক।

ঘৰখনৰ সকলো দায়িত্ব কান্ধ পাতি লোৱাৰ লগতে অভাৱৰ বাবে কিশোৰী গৰাকীয়ে আধাতে শিক্ষা জীৱন সমাপ্ত কৰিব লগীয়া হয়। অল্পনা জীৱন সংগ্ৰামৰ ওপৰত বুধবাৰে পুৱা অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত ফটোসহ "মঙলদৈৰ এগৰাকী স্কুলীয়া ছাত্ৰী অল্পনাৰ জীৱন সংগ্ৰাম, বাৰীৰ কঁচু–ঢেকীয়া–পচলা বিক্ৰী কৰি পোহপাল দিছে পিতৃ মাতৃক।" শীৰ্ষক বাতৰি প্ৰচাৰ কৰা হৈছিল। এই বাতৰিত অল্পনাৰ জীৱন সংগ্ৰামৰ কথা জ্ঞাত হৈ বুধবাৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অজয় শইকীয়া আৰু সম্পাদক সত্য ৰঞ্জন ডেকাৰ নেতৃত্বত আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল পৰিয়ালটোৰ ওচৰত থিয় দি কিশোৰী গৰাকীৰ আগন্তুক দিনৰ শিক্ষাৰ দায়িত্ব পালন কৰিম বুলি আশ্বাস প্ৰদান কৰাৰ লগতে সামৰ্থ্য অনুসৰি তেখেত সকলক কিছু খাদ্য সামগ্ৰী যোগান ধৰে।

ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে অল্পনা লগতে অল্পনাৰ পৰিয়ালটোক চৰকাৰীভাবে সহায় সহযোগ কৰিবলৈ জনপ্ৰতিনিধি লগতে চৰকাৰৰ বিভাগীয় কতৃপক্ষক আহ্বান জনাই। আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে কিশোৰী অল্পনাৰ জীৱন সংগ্ৰাম ছবি প্ৰকাশ কৰি বাতৰি প্ৰচাৰ কৰা সাংবাদিকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সম্পাদক সত্য ৰঞ্জন ডেকাৰ ই প্ৰকাশ কৰে সাংবাদিকে সমাজৰ এনেকুৱা জীয়া ছবি সমুহ প্ৰকাশ কৰি সমাজৰ আগত আমাৰ সমাজৰ প্ৰকৃত ছবিখন দাঙি ধৰিবলৈ চেষ্টা কৰিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in