শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

মই দুলীয়াজান অধিবেশনত আছুৰ পৰা অৱসৰ ল’মঃ ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য… VIDEO

840

ডিজিটেল ডেস্কঃ আছুৰ পৰা অৱসৰ ল’ব ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। দেওবাৰে খোদ এই কথা সদৰী কৰিলে আছুৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বিগত বহু দিন ধৰি অসুস্থ হৈ থকাৰ বাবে ঘৰতে চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য। গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ এই বিষয়া সাংবাদিকৰ আগতে জনালে তেওঁ।

সমুজ্জল কুমাৰ ভট্টাচাৰ্যই লগতে সাংবাদিকৰ আগত কয়- সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্বা। সদৌ অসম ছাত্ৰ সন্থা মানে এক অবিৰত সংগ্ৰামী যাত্ৰা। সেয়েহে ৰাইজে বিচাৰে যে আছু সদায় অৰাজনৈতিক হৈ থাকিব লাগে। আছুৱে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগে।

‘মই সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ বিষয়ববীয়া। গতিকে জ্যেষ্ঠ বিষয়ববীয়া হিচাপে মই নীলকন্ঠ হৈ সকলোকে একেলগে লৈ আগবাঢ়ি আছো আৰু আগন্তুক দিনতো সকলোকে একেলগে লৈ মই আগবাঢ়ি যাম। আছুৰ লাখ লাখ সদস্যসকলক মই ক’ব খোজো যে মোৰ শৰীৰত শেষ নিশ্বাস থকা লৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মই সেৱা আগবঢ়াই যাম।… মৰাণ অধিবেশনতো কৈছো যে আছুৰ পৰা মই অৱসৰ ল’ম। দুলীয়াজান অধিবেশনত মই অৱসৰ ল’ম।’- বুলিও সাংবাদিকৰ আগত স্পষ্টকৈ ক’লে ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি