অসম উত্তাল কৰিবলৈ প্ৰস্তুত আছু, সংবাদমেলত ঘোষণা কৰিলে বিভিন্ন কাৰ্যসূচী, পঢ়ক সৱিশেষ

অসম উত্তাল কৰিবলৈ প্ৰস্তুত আছু, সংবাদমেলত ঘোষণা কৰিলে বিভিন্ন কাৰ্যসূচী, পঢ়ক সৱিশেষ
  • মহানগৰীৰ শ্বহীদ ন্যাসত আছুৰ সংবাদমেল।
  • সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা।
  • আছুৰ সভাপতি দীপাংকৰ নাথে কয়, এই বিল অহাৰ আগৰে পৰাই প্ৰতিবাদ কৰিছো আমি।
  • ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলক সাক্ষাৎ কৰিছো।
  • অসমৰ জনসাধাৰণে কেতিয়াও চৰকাৰক ক্ষমা নকৰে।
  • অসমীয়া জাতিক শেষ কৰাৰ বাবে এই বিল আনিছে।
  • পাকে-প্ৰকাৰন্তেৰে চৰকাৰে এই কাৰ্যত সহায় কৰিছে।
  • এজিপিও বিজেপিৰ সৈতে একাকাৰ হৈছে।
  • অসমৰ ৰাইজৰ ক্ষোভৰ উদগীৰণ ঘটিছে।
  • ৭ আৰু ৮ ডিচেম্বৰত জোঁৰ লৈ শোভাযাত্ৰা ৰূপায়ণ কৰা হ'ব।
  • অসমৰ সকলো আঞ্চলিক সমিতিয়ে প্ৰতিবাদ কৰিব।
  • বিল আহিলে অসমতে বিল জ্বলাম আমি।
  • ১০ তাৰিখে অসম বন্ধৰ প্ৰতি সমৰ্থন জনাইছো আছুৱে।
  • অসমৰ সকলো লোককে আহ্বান, সকলো ওলাই আহক।
  • সকলো ওলাই আহক, আমি কেবৰ বিৰোধ কৰো।
  • আমি শ্বহীদ বেদীত খোজকাঢ়ি আহি চাকি জ্বলাম।
  • বন্ধৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম।
  • শ্বহীদক চৰকাৰে অপমান কৰিছে।
  • ইতিমধ্যে জনসাধাৰণৰ স্বাৰ্থক উলংঘা কৰিছে চৰকাৰে।
  • ১৩ তাৰিখে গণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিম আমি।
  • গুৱাহাটীৰ গণ অনশন কাৰ্যসূচীত সকলোকে উপস্থিত থকাৰ আহ্বান।
  • ১৪ তাৰিখৰ পৰা গাঁৱে-ভূঞে হ'ব প্ৰতিবাদ।
  • লুৰিণজ্যোতি গগৈৰ মতে, আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছো।
  • আমি সদায় প্ৰতিবাদ কৰিম।
  • অসমৰ লগতে উত্তৰ-পূবৰ ৰাইজৰ অধিকাৰ খৰ্ব হবলৈ নিদিওঁ।
  • কেবে অসম চুক্তিক নস্যাৎ কৰিব।
  • অসমৰ খিলঞ্জীয়া লোকৰ অসুবিধা হবলৈ নিদিও।
  • উত্তৰ পূবক ভাগ ভাগ কৰাৰ বাবে চৰকাৰে চেষ্টা কৰিছে।
  • ইনাৰ লাইন পাৰ্মিট, ষষ্ঠ অনুসূচিৰ লগতে বিভিন্ন প্ৰকাৰে ৰাইজক ভাগ ভাগ কৰিব বিচাৰিছে।
  • আমি উত্তৰ পূবাঞ্চল ঐক্যবদ্ধ হৈ থাকিম।
  • চৰকাৰে বিচাৰিলে ভাগ ভাগ কৰিব নোৱাৰিব।
  • অসমীয়া মানুহৰ স্বাভীমানক নিঃশেষ কৰাৰ বাবে চেষ্টা কৰা মানে জুইৰ সৈতে খেলা কৰা।
  • চৰকাৰে প্ৰতিবাদৰ প্ৰতি ভয় খাইছে।
  • প্ৰতিবাদ ৰুধ কৰিব বিচাৰিছে।
  • দিল্লীয়ে ইয়েছ বুলি ক'লে ইয়েছ কয় ন' কলে ন' বুলি কয়।
  • দিল্লীৰ তলত কাম কৰি অসমৰ কথা পাহৰিছে দিছপুৰে।
  • তেওঁলোকে কাম-কাজ জাতীয় লজ্জালৈ পৰিণত হৈছে।
  • গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবলৈ চেষ্টা নকৰিবলৈ আমি সকীয়াই দিছো।
  • সময় নাই, সময় উকলিছে।
  • এতিয়াও এবাৰ চিন্তা কৰি গণসংগ্ৰামক লগ দিয়ক।
  • আমি প্ৰচাৰ পত্ৰ বিলাম, পথ সভা কৰিম, গাঁৱে-গাঁৱে যাম।
  • সমুজ্জল ভট্টাচাৰ্যৰ মতে, আমি জাতীয় জীৱন সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিম।
  • একমাত্ৰ অবৈধ বাংলাদেশীৰ ভোটৰ বাবে অসম চুক্তিক নস্যাৎ কৰি কেব জাপিব বিচাৰিছে।
  • তাৰ বিৰুদ্ধে প্ৰতিবাদ চলিবই।
  • আমি সেই কথা মানি নলওঁ।
  • চৰকাৰ দোষী, তেওঁলোকে দিল্লীত থাকিও সমস্যাৰ স্থায়ী সমাধান নকৰিলে।
  • অসম চুক্তিক সকলো দলে আদৰণি জনাইছিল।
  • কংগ্ৰেছে বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিবলৈ আইএমডিটি জাপি দিছিল।
  • বিজেপিৰ হিন্দু-বাংলাদেশী ভোটৰ বাবে কেব জাপি দিছিল।
  • যাৰ বাবে উত্তৰ-পূবৰ ৰাইজে অধিকাৰ হেৰুৱাব।
  • কেব আমি নামানো।
  • অসম চুক্তিৰ বাবে ৮৬০ টা জীৱন হেৰাই গ'ল।
  • আমি হিন্দু-বাংলাদেশীৰ ভোটৰ বাবে বিজেপিয়ে কৰা কাম আমি নামানো।
  • বিলখন সাম্প্ৰদায়িক কাৰণ ভাৰতত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কোনো কথা সংবিধানত নাই।
  • আহত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আমি অ'পেন ডিবেট কৰিম।
  • আহক ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছো, আমি বিতৰ্কৰ বাবে প্ৰস্তুত আছো।
  • আমি মূল যুক্তিৰে সকলো কথা কৈছিলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in