আছুৰ উদ্যোগত গঠন হ’ব লগা নতুন আঞ্চলিক দলৰ নাম…

আছুৰ উদ্যোগত গঠন হ’ব লগা নতুন আঞ্চলিক দলৰ নাম…

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থা, এজেৱাইচিপি আৰু ৩০ জনজাতীয় সংগঠনৰ উদ্যোগত গঠন হব লগা নতুন আঞ্চলিক দলটোৰ নাম কি হব? চৰ্চালৈ আহিছে এটা নাম। 'অসম আঞ্চলিক পৰিষদ' চমুকৈ আপ হব পাৰে নেকি এই আঞ্চলিক দলটোৰ নাম।

একাংশই কিছুদিনৰ পাছত গঠন হব লগা এই আঞ্চলিক দলটোৰ নাম অসম আঞ্চলিক পৰিষদ হব বুলি প্ৰচাৰ চলালেও সেই খবৰ সঁচা নহয়। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি, নতুন আঞ্চলিক দলটোৰ নাম এতিয়াও ঠিক হোৱা নাই।

অৱশ্যে এইটো ঠিক যে, এই দলটোৰ নামৰ আগত 'অসম' শব্দটো থাকিব। এই সন্দৰ্ভত ইতিমধ্যে আলোচনা অব্যাহত আছে সংগঠন কেইটাৰ মজিয়াত। ইতিমধ্যে কেইবাটাও নাম চৰ্চিত হৈছে যদিও, ইয়াৰ পৰা কোনো এটা নাম গ্ৰহণ কৰাৰ পূৰ্বে সংগঠন কেইটাৰ নেতৃত্বই অসমৰ ৰাইজৰ মতামত সংগ্ৰহ কৰাৰ সম্ভাৱনাই অধিক।

অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰি যিহেতু এই দলটো গঠন কৰা হব, সেয়েহে ইয়াৰ সৈতে সকলো শ্ৰেণীৰ লোকৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰে ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াৰ জড়িত একাংশই। এনে পৰিস্থিতিত নতুন আঞ্চলিক দলটোৰ নাম কি হব বা ইয়াৰ পতাকা, চিহ্ন সন্দৰ্ভত ৰাইজৰ পৰা মতামত বিচৰাৰ সম্ভাৱনাই অধিক।

কোনো কোনোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই নতুন আঞ্চলিক দলটোৰ নামাকৰণ হোৱাতো বিচাৰে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ আৱেগ জড়িত কৰি অসম আৰু অসমীয়াক প্ৰতিনিধিত্ব কৰিব পৰাকৈ 'অসম' শব্দৰে এই আঞ্চলিক ৰাজনৈতিক দলটোৰ নামাকৰণ কৰাৰ লগতে সংযুক্ত প্ৰগতিশীল শব্দটো থকাৰ সম্ভাৱনা অধিক।

এইখিনিতে মন কৰিব লগা যে, আছু আৰু এজেৱাইচিপিৰ উদ্যোগত গঠন হব লগা ৰাজনৈতিক দলটোৰ নাম কি হব সেয়া ৰাইজৰ মাজত উতকন্ঠা বঢ়াইছে।। সেয়েহে অতি সতৰ্কতাৰে এই দিশত সিদ্ধান্ত লব বিচাৰে আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সৈতে জড়িত সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in