বিধায়িকাৰ দেহত কোৰোনা ভাইৰাছ…

বিধায়িকাৰ দেহত কোৰোনা ভাইৰাছ…
  • আম আদমী পাৰ্টিৰ বিধায়িকা আটিছি মাৰলেনাৰ দেহত কোৰোনা ভাইৰাছ।
  • বিধায়িকাগৰাকীৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰাৰ কথা সদৰি কৰিছে দলৰ এক সূত্ৰই।
  • দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মাৰলেনা শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰিছে।
  • টুইটযোগে কেজৰিৱালে লিখিছে- 'আটিছিয়ে কোৰোনাৰ বিৰুদ্ধে যুঁজত অগ্ৰণী ভূমিকা লৈ আহিছে।'
  • 'মই আশা কৰো তেওঁ অতি সোনকালে আৰোগ্য হৈ উঠিব।'
  • 'আৰু আৰোগ্য হৈ ৰাইজৰ সেৱাত অতি সোনকালে নিজকে নিয়োজিত কৰিব।'
  • জানিব পৰা অনুসৰি মঙলবাৰে তেওঁৰ কোৰোনা ভাইৰাছৰ পৰীক্ষা কৰা হৈছিল।
  • বুধবাৰে আহিল মাৰলেনাৰ কোৰোনা পৰীক্ষাৰ ফলাফল।
  • বৰ্তমান তেওঁ হোম কোৱাৰেন্টাইনত আছে বুলি জানিব পৰা গৈছে।
  • উল্লেখ্য যে, আটিছি মাৰলেনা কালকাজি সমষ্টিৰ বিধায়িকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in