‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ খবৰে বজালীৰ আইতাক দিলে স্থায়ী ঠিকনা

‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ খবৰে বজালীৰ আইতাক দিলে স্থায়ী ঠিকনা

ডিজিটেল ডেস্কঃ কোনে কয় মানুহৰ ভিৰত হেৰাই গৈছে মানুহ? এতিয়াও মানুহৰ মাজত জীয়াই আছে মানৱতা। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হৈছিল এই খবৰ। পদপথত পৰি থকা এগৰাকী আইতাক নি আশ্ৰয় দিছিল পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ কৰ্মচাৰী সৌৰভ বৰুৱাই।

দোকানৰ বাৰান্দাত পৰি থকা ৮০ৰ উৰ্ধ্বৰ এই আইতাগৰাকীৰ নাম আছিল ভাৰতী দাস। লঘোণে-ভোকে পদপথত ঘূৰি ফুৰা বজালীৰ আঠীয়াবাৰীৰ প্ৰয়াত সিং দাসৰ পত্নী আছিল তেওঁ। বজালীৰ কৃষ্ণ নগৰৰ সৌৰভ বৰুৱাই ডেৰ বছৰ পূৰ্বেই ঘৰলৈ নি মাতৃৰ দৰে আলপৈচান ধৰিছিল তেওঁক।

পৰিয়ালটোৰ প্ৰতি কৃতজ্ঞ আইতাই নিজৰ ভৱিষ্যতৰ কথা ভাবি বিচাৰি ফুৰিছিল এখন বৃদ্ধাশ্ৰম। সেই খবৰ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ পোৱাৰ পাছতেই পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিছিল 'মাডাৰ অল্ড এজ হোম'ৰ কৰ্তৃপক্ষই। আইতাগৰাকীক আশ্ৰয় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল অল্ড এজ হোমটো চোৱাচিতা কৰা উৎপলে।

'অসমীয়া প্ৰতিদিন'ক উৎপলে জানিবলৈ দিয়া মতে এই খবৰ তেওঁ পঢ়াৰ পাছতেই আইতাগৰাকীক গুৱাহাটীলৈ অনাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। তাত সম্পূৰ্ণ সহযোগ কৰিছিল আইতাগৰাকীক আশ্ৰয় দিয়া পৰিয়ালটোৱে। ১৯ আগষ্টত আইতাগৰাকী আহি উপস্থিত হ'লহি মাডাৰ অল্ড এজ হোমত। বৰ্তমান তেওঁ এতিয়া এই বৃদ্ধাশ্ৰমৰ নতুন সদস্য।

বৃদ্ধাশ্ৰমখনৰ দায়িত্বত থকা উৎপল ডেকাই জনালে এই খবৰ। লগতে ক'লে- আইতাই এতিয়া ইয়াত বৰ ফূৰ্তিত আছে। সম্পূৰ্ণ বিনা খৰচত আইতাক আশ্ৰয় দিয়া হৈছে বৃদ্ধাশ্ৰমত। লগতে শলাগ ল'লে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ। জীৱনৰ আটাইতকৈ কঠিন সময়ত আশ্ৰয় দিয়া পৰিয়ালটোৰ প্ৰতি আজি চিৰকৃতজ্ঞ আইতা। এতিয়া আইতাৰ নতুন ঠিকনা 'মাডাৰ অল্ড এজ হোম'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in