মাৰণাস্ত্ৰ-বিস্ফোৰক ভৰ্তি ট্ৰাক জব্দ, জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা…

মাৰণাস্ত্ৰ-বিস্ফোৰক ভৰ্তি ট্ৰাক জব্দ, জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত এছ এছ পিয়ে জনাইছে যে, বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক ভৰ্তি এখন ট্ৰাক জব্দ কৰা হৈছে। ইফালে, চোৰাংচোৱা সূত্ৰ অনুসৰি বিগত কিছুদিনত এই অঞ্চলটোত বহু কেইটা পাকিস্তানী সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছে। যোৱা ৫ আগষ্টৰ পৰা বৰ্তমানলৈ প্ৰায় ৪০জন সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছে জম্মু-কাশ্মীৰত।

চোৰাংচোৱা সূত্ৰৰ মতে, এই সন্ত্ৰাসবাদী কেইটা জেইছ-ই-মহম্মদ আৰু লস্কৰ-এ-তৈবাৰ সদস্য। আৰু এই সন্ত্ৰাসবাদীয়ে কোনো ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে। আৰু অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীৰ মুল লক্ষ্যত আছে নিৰাপত্তা বাহিনী।

ইয়াৰোপৰি, জম্মু-কাশ্মীৰৰ ঘাটিতবৃদ্ধি কৰা হৈছে নিৰাপত্তা বেষ্টনী। উল্লেখ্য যে, ভাৰতীয় সেনা বাহিনীয়েজম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত পাকিস্তান বৰ্ডাৰ একচন টীমৰ এটা দলে অনুপ্ৰৱেশ কৰাৰঅসফল চেষ্টাৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰিছিল।

৩ আগষ্টত ভাৰতীয় সেনা বাহিনীয়ে শ্বেয়াৰ কৰা এইভিডিঅ'টোত কমেও ৪টাকৈ মৃতদেহ পৰিলক্ষিত হৈছে। আৰু পাকিস্তান সেনা বাহিনীয়ে এইমৃতদেহ কেইটা তেওঁলোকৰ দেশৰ নহয় বুলি জনাইছে। কিন্তু আশ্চৰ্যকৰ কথা যে, ভাৰতীয়সেনাই এই মৃতদেহ কেইটা পাকিস্তান সেনাৰে সৈনিক হোৱাৰ তথ্যও লাভ কৰিছে। ভাৰতীয় সেনাবাহিনীৰ মতে, এই মৃতদেহ কেইটা পাকিস্তানৰ অনুপ্ৰৱেশকাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in