চালক অবিহনেই ঘন্টাত ১১০ কিঃমি বেগত এঘন্টা ধৰি চলিল ৰে’ল

চালক অবিহনেই ঘন্টাত ১১০ কিঃমি বেগত এঘন্টা ধৰি চলিল ৰে’ল

ডিজিটেল ডেস্কঃ নাই চালক! কিন্তু ঘন্টাত ১১০ কিলোমিটাৰ বেগত ৯২ কিলোমিটাৰ বাট অতিক্ৰম কৰে এখন ৰে'লে। অষ্ট্ৰেলিয়াৰ পিলবাৰাত সংঘটিত হৈছে এই ঘটনা। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, পিলবাৰাত এখন মালবাহী ৰে'ল গাড়ীয়ে চালক অবিহনেই ঘন্টাত ১১০ কিলোমিটাৰ বেগত ৯২ কিলোমিটাৰ বাট অতিক্ৰম কৰাৰ পিছত অৱশেষত লাইনচ্যুত হয়।

অষ্ট্ৰেলিয়ান পৰিবহণ সুৰক্ষা ব্যুৰ'ই জনোৱা মতে, যি সময়ত এই ঘটনা ঘটে সেইসময়ত মালবাহী ৰে'লখনৰ চালকজনে গাড়ীৰ পৰা নামি অন্য এটা ডবা নিৰীক্ষণ কৰিবলৈ গৈছিল। কিন্তু চালকজন উভতি আহে মানে ৰে'লখনে নিজে নিজেই গতি লয়। ইফালে ৰে'লখনৰ গতি বৃদ্ধি হৈ হৈ এটা সময়ত ১১০ কিলোমিটাৰ পৰ্যন্ত হয় যদিও অৱশেষত ৰে'ল নিয়ন্ত্ৰকে ৰে'লখন লাইনচ্যুত কৰাত সফল হয়। চালক অবিহনেই ৰে'লখন এঘন্টা ধৰি চলি আছিল। অৱশ্যে সেই সময়ত ৰে'লখনৰ ভিতৰতো কোনো লোক উপস্থিত নাছিল।

২৬৮ টা ডবাযুক্ত মালবাহী ৰেলখন কিদৰে নিজে নিজেই গতি ল'লে তাক লৈ তদন্ত আৰম্ভ কৰে অষ্ট্ৰেলিয়াৰ ৰে'ল পৰিবহণ বিভাগে। আনহাতে যান্ত্ৰিক বিজুতিৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে বুলিও সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in