দহমাহে ঢেঁকীয়াপটীয়া বাঘৰ সৈতে সহাৱস্থান ৰৌতাবাসীৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত দহমাহ ধৰি ওদালগুৰি জিলাৰ এটি অঞ্চলৰ ৰাইজ বাঘৰ আতংকত ভুগিছে। ৰৌতাৰ ব‌ড়োবজাৰ অঞ্চলত ইতিমধ্যে বনৰজাই ভক্ষণ কৰিছে ৩৭টাকৈ পশুধন। ইয়াৰ পাছতো বাঘটোক জালত পেলাবলৈ সক্ষম নহ'ল বন বিভাগ তথা চৰকাৰ। এই সন্দৰ্ভত চৰকাৰক সমালোচনা কৰে এবছুৱে।

আজি ওদালগুৰি জিলাৰ ওৰাং আঞ্চলিক এবছুৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলত উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় উপ সভাপতিদ্বয় দীপেন বড়ো, ৰমিঅ' পি নাৰ্জাৰী ওদালগুৰি জিলা এবছুৰ সভাপতি ৰতিন্দ্ৰ দৈমাৰী, বড়ো বজাৰ আঞ্চলিক এবছুৰ সভাপতি চৌদম দৈমাৰী, ওৰাং আঞ্চলিক এবছুৰ সভাপতি মহেশ মোছাহাৰী।

সংবাদমেলখনত সংগঠনটোৱে কয় যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষণ এলেকাৰ পৰা ওলাই অহা এটা ঢেঁকীয়াপটীয়া বাঘে বড়ো বজাৰ অঞ্চলৰ প্ৰায় ৬০ খন গাঁৱৰ ৰাইজৰ সৈতে দহ মাহ সহবস্থান কৰাৰ পিছত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ একপ্ৰকাৰ শংকিত হৈ পৰিছে পৰিছে। অসম চৰকাৰ, বিটিচিৰ পৰিষদীয় চৰকাৰৰ বিয়াগোম বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে বনৰজাই জনঅৰণ্যত প্ৰবেশ কৰি নিতৌ সাধাৰণ ৰাইজৰ পশুধন  ভক্ষণ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।

ৰাইজৰ অভিযোগ অনুসৰি বাঘটোক নিজৰ বাসস্থানলৈ ওভতাই পঠিয়াবলৈ বন বিভাগে যি ধৰণে ব্যবস্থা গ্ৰহণ কৰিব লাগিছিল সেই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাইজে বিগত দহমাহে ভয় শংকাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছে বুলি উল্লেখ কৰে। যিকোনো সময়ত বনৰজাৰ আক্ৰমণৰ বলি হোৱাৰ শংকাত উজাগৰী নিশা পাৰ কৰিছে অঞ্চলৱাসীয়ে।

২০১৭ চনৰ নৱেম্বৰ মাহত বড়োবজাৰ অঞ্চলত প্ৰৱেশ কৰি বাঘটোৱে বৰ্তমান পৰ্যন্ত প্ৰায় ৩৭ টা পশু ধন ভক্ষণ কৰা বুলি জানিব পৰা গৈছে । ইয়াৰ ভিতৰত ৮ টা পৰিয়ালক বন বিভাগৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰে যদিও বাকী ৰাইজক কোনো ধৰণৰ ক্ষতি পূৰণ প্ৰদান কৰা হোৱা নাই। ফলত সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বাঘটোৱে যদি এই ধৰণে পশুধনৰ ক্ষতি সাধন কৰি থাকে তেন্তে গাওঁৰ দুখীয়া ৰাইজ ৰাইজ জুৰুলা হৈ পৰিব বুলি সংবাদমেলত আক্ষেপ প্ৰকাশ কৰে সংগঠনটোৱে।

উল্লেখ্য যে চলিত বৰ্ষৰ ৬ ফ্ৰেব্ৰুৱাৰীত তদানীন্তন বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক এবছুৰ উদ্যোগত গুৱাহাটীলৈ গৈ অঞ্চলবাসী ৰাইজে স্মাৰক পত্ৰ প্ৰদান কৰাত মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চলটোত উপস্থিত হৈ ৰাইজক সঠিক ব্যৱস্থা গ্ৰহণৰ বাবে আশ্বাস প্ৰদান কৰিছিল। কিন্তু বন বিভাগে হাতী, দ্ৰোণ, জেচিবি ব্যৱহাৰ কৰিও বাঘটোৰ সন্ধান বৰ্তমানলৈ উলিয়াবলৈ সক্ষম নহ'ল।

এবছুৰ বিষয়ববীয়াসকলে আক্ষেপ প্ৰকাশ কৰি কয় যে অসমৰ বিভিন্ন স্থানত নাহৰফুটুকী বাঘ সময়ে সময়ে জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলত হত্যা কৰিছে একাংশ লোকে। কিন্তু বড়োবজাৰ অঞ্চলৰ ৰাইজে বাঘটোক কোনো ধৰণে আক্ৰমণ নকৰি বাঘটোৰ সৈতে একপ্ৰকাৰ সহৱস্থান কৰিছে। প্ৰায় দহমাহ কাল বাঘৰ সৈতে সহবস্থান কৰাৰ পিছত অঞ্চলবাসী ৰাইজে বিছাৰিছে যে অসম চৰকাৰ বা সংশ্লিষ্ট বিভাগসমূহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বাঘটোক নিজ স্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কোনো দুৰ্বৃত্তৰ হাতত যদি বাঘটোৰ মৃত্যু ঘটে তেন্তে অঞ্চলবাসী ৰাইজৰ ৰাষ্ট্ৰীয় পশুটিক ক্ষতি নকৰাকৈ দহমাহ অতিক্ৰম কৰা বা নিজৰ পশুধনৰ ক্ষতি হোৱা স্বত্বেও ধৈৰ্য নেহেৰুৱাই চৰকাৰলৈ আশা পালি থকাটো অনৰ্থক হ'ব বুলি আক্ষেপ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in