‘কা’ সমৰ্থনকাৰীয়ে চুলি জোকা দিলে মহিলা উপায়ুক্তক, VIDEO

‘কা’ সমৰ্থনকাৰীয়ে চুলি জোকা দিলে মহিলা উপায়ুক্তক, VIDEO

ডিজিটেল ডেস্কঃ কা'ৰ বিৰুদ্ধে সমগ্ৰ দেশত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে দেশৰ ভিন্ন প্ৰান্তত আইনখনৰ সমৰ্থনত সমদল বাহিৰ কৰিছে শাসকীয় বিজেপি দলে। শান্তি সমদলৰ পৰা আদি কৰি দেশৰ প্ৰান্তে প্ৰান্তে আইনখনৰ প্ৰতি সমৰ্থন জনাবলৈ নাগৰিকক অনুৰোধ কৰিছে বিজেপিৰ নেতা-মন্ত্ৰীসকলে। কা'ৰ সমৰ্থনত উলিওৱা এটা ৰেলীত বিজেপি কৰ্মকতাৰ ব্যৱহাৰে শেহতীয়াকৈ সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে।

দেওবাৰে দিনৰ ভাগত মধ্যপ্ৰদেশৰ ৰাজগঢ়ত বিজেপিৰ কৰ্মকতাসকলে বাহিৰ কৰিছিল এক সমদল। এই সময়তে আইন শৃংখলাজনিত কাৰনত বিজেপিৰ সমদলক বাধা প্ৰদান কৰিছিল প্ৰশাসনে। কিন্তুু প্ৰশাসনৰ নিৰ্দেশ পালন কৰাৰ বিপৰীতে বিজেপিৰ একাংশ কাৰ্যকতা আৰু আৰক্ষীৰ মাজত হতাহতি হয়।

এই সময়চোৱাতে ৰাজগঢ়ৰ উপায়ুক্ত প্ৰিয়া বৰ্মনক আক্ৰমণ কৰে কা'ৰ সমৰ্থকসকলে। উপায়ুক্তগৰাকীক চুলিত ধৰি আক্ৰমণ কৰাৰ পিছতে বিজেপি কাৰ্যকতাসকলৰ ওপৰত প্ৰহাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত কেইবাজনো প্ৰতিবাদকাৰী আহত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in