দিল্লীত আজৱ কাণ্ড! ২ যুৱকেৰে মিলি মহিলাক বলাৎকাৰ ১৯ বছৰীয়া তৰুণীৰ

দিল্লীত আজৱ কাণ্ড! ২ যুৱকেৰে মিলি মহিলাক বলাৎকাৰ ১৯ বছৰীয়া তৰুণীৰ

ডিজিটেল ডেস্কঃ দিল্লীত পুনৰ সংঘটিত হৈছে বলাৎকাৰ কাণ্ড। দেশৰ ৰাজধানী চহৰখনত সংঘটিত এই জঘন্য কাণ্ডই সকলোৰে চকু কপালত তুলিছে। কিয়নো উক্ত কাণ্ডত ২৫ বৰ্ষীয় এগৰাকী যুৱতীক বলাৎকাৰৰ অভিযোগ উত্থাপিত হৈছে ১৯ বছৰীয়া আন এগৰাকী যুৱতীৰ বিৰুদ্ধে।

ঘটনাটোৱে বিমোৰত পেলাইছে দিল্লী আৰক্ষীকো। 'টাইমছ অব ইণ্ডিয়া'ত প্ৰকাশিত বাতৰি অনুযায়ী ব্যৱসায়ত ধন বিনিয়োগৰ নামত কম দিনৰ চিনাকি দুই যুৱকে দিল্লীস্থিত এটা কাৰ্যালয়লৈ আহিবলৈ কয় গুৰগাঁৱত কৰ্মৰত ২৫ বৰ্ষীয় যুৱতীগৰাকীক।

ফোনযোগে যোগাযোগৰ অন্তত নিৰ্দিষ্ট দিনা দিল্লীৰ উক্ত কাৰ্যালয়ত উপস্থিত হয় যুৱতীগৰাকী। লগে লগে দুই যুৱকে যুৱতীগৰাকীক ১৯ বৰ্ষীয় যুৱতীগৰাকীৰ সৈতে পৰিচয় কৰাই দিয়ে।

১৯ বৰ্ষীয় যুৱতীগৰাকীয়ে ব্যৱসায় সংক্ৰান্তীয় নথি-পত্ৰ জমা ৰাখি সকলো কথা বুজাই দি এটা গোপন কোঠালৈ লৈ যায়। উক্ত কোঠাটোতে তৰুণীগৰাকীয়ে গুৰগাঁৱত কৰ্মৰত যুৱতীগৰাকীৰ ওপৰত নৃশংস অত্যাচাৰ চলায়। 'টয়' জাতীয় সামগ্ৰীৰে ১৯ বছৰীয়া তৰুণীগৰাকীয়ে নিৰ্যাতন চলোৱাৰ লগতে সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰি ৰাখে।

ইয়াৰ পিছতে ২ লাখ টকা দাবী কৰে সেই নিৰ্যাতন চলোৱা যুৱতীগৰাকী আৰু কম দিনৰ চিনাকি যুৱকদ্বয়ে। ধন নিদিলে ৰেকৰ্ডিং কৰি থোৱা সমগ্ৰ দৃশ্য ইণ্টাৰনেটত এৰি দিব বুলিও ভাবুকি প্ৰদান কৰে। দুদিন ধৰি এনেদৰে উক্ত কাৰ্যালয়টোত নিজতকৈ কম বয়সৰ এগৰাকী যুৱতীৰ হাতত বলাৎকাৰৰ সন্মুখীন হোৱা ২৫ বৰ্ষীয়া যুৱতীগৰাকীয়ে কৌশলৰে তাৰ পৰা পলায়ন কৰি বুধবাৰে আৰক্ষীৰ কাষ চাপে।

দিল্লী মহিলা আৰক্ষীক সমগ্ৰ কথা জনোৱাৰ পিছতে অভিযান চলাই ঘটনা সন্দৰ্ভত উক্ত চক্ৰটোৰ এজন যুৱকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে। অৱশ্যে এই পৰ্যন্ত ১৯ বছৰীয়া যুৱতীগৰাকীৰ লগতে আনজন যুৱক পলাতক অৱস্থাত আছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দিল্লীতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in