প্ৰাণৰ শিল্পীৰ অবৰ্তমানত আজি তেওঁৰ প্ৰথমটো ওপজা দিন...

সোমবাৰে নিশাৰে পৰাই গুমুগ্ধই উদযাপন কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন। তেওঁক সুঁৱৰি কোনোৱে যদি চকুলো টুকিছে,কোনোৱে আকৌ গাইছে তেওঁৱেই গান।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি ১৮ নৱেম্বৰ। ‘ঈশ্বৰ পুত্র’ৰ ৫৩সংখ্যক ওপজা দিন। জুবিনবিহীন জুবিনৰ প্রথমটো জন্মদিন পালন কৰিছে ৰাজ্যবাসীয়ে। আৱেগৰ জোৱাৰত উদ্বেলিত তেওঁৰ লাখ লাখ অনুৰাগী। শিল্পীগৰাকীৰ অসংখ্য হৃদয়স্পৰ্শী গীতেৰে আজি মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ।

zubeen-garg

সোমবাৰে নিশাৰে পৰাই গুমুগ্ধই উদযাপন কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন। তেওঁক সুঁৱৰি কোনোৱে যদি চকুলো টুকিছে,কোনোৱে আকৌ গাইছে তেওঁৱেই গান। আজি সহস্ৰাধিক জুবিন অনুৰাগীৰে ভৰি পৰিছে জুবিন ক্ষেত্ৰৰ লগতে তেওঁৰ কাহিলিপাৰাৰ বাসগৃহ।

zubeen-garg1-1

কালি নিশা পৰাই সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ লগতে কাহিলিপাৰাৰ বাসগৃহত ভিৰ কৰিছে অনুৰাগীয়ে। আজি কাহিলিপাৰাৰ বাসগৃহত প্রতিষ্ঠা কৰা হ’ব তেওঁৰ আবক্ষ প্রতিমূৰ্তি।

oardefault

ইতিমধ্যে অশ্রুসিক্ত নয়নেৰে বাসগৃহত পত্নী গৰিমা শইকীয়াই তেওঁক স্মৰণ কৰি কাটিলে কেক। সোণাপুৰৰ জুবিন ক্ষেত্রতো লৈছে বিশেষ কাৰ্যসূচী। মুঠতে তেওঁৰ অবৰ্তমানতো আজি জুবিনময় হৈ পৰিছে সমগ্ৰ ৰাজ্য। 

জুবিন গাৰ্গ