জুবিন হত্যাকাণ্ড! আজি দাখিল ৩৫০০ পৃষ্ঠাৰ অভিযোগনামা

এই গোচৰৰ তদন্তত ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। চি আই ডিত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰৰহে অভিযোগনামা আদালতত দাখিল কৰা হ’ব। আনটো গোচৰ ১৯/২৫ৰ তদন্ত অৱ্যাহত থাকিব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি আদালতত অভিযোগনামা দাখিল কৰিব।

উল্লেখ্য যে, ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট সাজু কৰি তুলিছে এছ আই টিয়ে। দিনৰ ১১ বজাত দাখিল কৰা হ’ব এই অভিযোগনামা। এই গোচৰৰ তদন্তত ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এখন সংবাদমেলযোগে এই কথা সদৰী কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ বাবে গঠন কৰি দিয়া এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই।

 চি আই ডিত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰৰহে অভিযোগনামা আদালতত দাখিল কৰা হ’ব। আনটো গোচৰ ১৯/২৫ৰ তদন্ত অব্যাহত থাকিব। বিষয়াগৰাকীৰ মতে জুবিনৰ মৃত্যুৰ গোচৰত ৩০০ ৰো অধিক লোকক জেৰা কৰিছিল এছ আই টিয়ে।

ইফালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে, আদালতত অভিযোগনামা দাখিলৰ পাছত এছ আই টি বা আৰক্ষীৰ কাম শেষ হ'ব আৰু নিৰ্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়।

জুবিন গাৰ্গ