যুদ্ধৰ মাজতে ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা আমেৰিকাৰ

প্ৰতিদিনাই ইজৰাইল-আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। আজি ষষ্ঠ দিনটোতো অব্যাহত আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা। মিছাইল আৰু ড্ৰ’নৰে কৰা আক্ৰমণ ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে।

author-image
Asomiya Pratidin
New Update
11-11-24 new 2

ডিজিটেল ডেস্কঃ প্ৰতিদিনাই ইজৰাইল-আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। আজি ষষ্ঠ দিনটোতো অব্যাহত আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা। মিছাইল আৰু ড্ৰ’নৰে কৰা আক্ৰমণ ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে।  ইটোৰ পাছত সিটো আক্ৰমণ চলি থকাৰ মাজতে আমেৰিকাই কেলিফৰ্ণিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে। 

WhatsApp Image 2026-03-05 at 12.12.02 PM

উল্লেখযোগ্য যে,হিৰোচিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাতকৈ ২০ গুণ শক্তিশালী পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা মিনিটমেন-৩ বেলিষ্টিক মিছাইলটো নিশা ১১ বজাত পৰীক্ষণ কৰে। চান্টা বাৰ্বাৰাৰ ওচৰৰ ভাণ্ডেনবাৰ্গ ঘাটিৰ পৰা কৰে এই পৰীক্ষণ। এই জিটি ২৫৪ নামেৰে পৰিচিত এই ৰকেটটোৱে পশ্চিম-মধ্য প্ৰশান্ত মহাসাগৰৰ মাৰ্শ্বেল দ্বীপপুঞ্জৰ ওচৰত নিজৰ লক্ষ্যত আঘাত কৰে । 

ইয়াৰ সমান্তৰালকৈ ইজৰাইল সেনা বাহিনীয়ে লেবনান আৰু হিজবুল্লাহৰ ওপৰতো প্ৰতিদিনেই আক্ৰমণ কৰি আহিছে। ইফালে হিজবুল্লাহ সক্ৰিয় হোৱাৰ পাছত ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে । পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰানৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দি বৃহৎ আক্ৰমণৰ কৰাৰ বাবে সকীয়নী প্ৰদান কৰে। 

প্ৰণিধানযোগ্য যে, যিএই আক্ৰমণ চলি থকাৰ মাজতে ইজৰাইলৰ এটাই লক্ষ্য ইৰানক ধ্বংস কৰা। আনপিনে মিনিটমেন-৩  আমেৰিকাৰ আটাইতকৈ পুৰণি আইচিবিএম। যি  ১৯৭০ চনৰ পৰাই ব্যৱহৃত হৈ আহিছে । ইয়াৰ ভূ-ভাগৰ পৰা উৎক্ষেপণ কৰা হয় আৰু ইয়াৰ ৰেঞ্জ ১৩,০০০ কিলোমিটাৰ । ইয়াত পাৰমাণৱিক ৱাৰহেড কঢ়িয়াব পাৰি, কিন্তু এই পৰীক্ষাত কোনো অস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল নাছিল ।

ইৰান যুদ্ধ