অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা

দূৰ হ’বনে অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা। এসময়ত অসমৰ উদ্যোগ ক্ষেত্ৰৰ আশাৰ বাৰ্তা কঢ়িয়াই অনা লাভজনক উদ্যোগ নগাঁও জিলাৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ অচলাৱস্থাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-13 at 7.51.14 PM

ডিজিটেল ডেস্কঃ এসময়ত অসমৰ উদ্যোগ ক্ষেত্ৰৰ আশাৰ বাৰ্তা কঢ়িয়াই অনা লাভজনক উদ্যোগ নগাঁও জিলাৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ অচলাৱস্থাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  উদ্যোগটোৰ বাবে প্ৰয়োজনীয় কেচা সামগ্ৰী অৰ্থাৎ মৰাপাটৰ মূল্যবৃদ্ধি আৰু নাটনিৰ দোহাই দি মৰাপাট কল কৰ্তৃপক্ষই ১ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে উৎপাদন প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে। ফলত আজি ১৩ দিন ধৰি মৰাপাট কলটোৰ উৎপাদন প্ৰক্ৰিয়া বন্ধ হৈ আছে। যাৰ বাবে এতিয়া মৰাপাট কলটোৰ শ্ৰমিক কৰ্মচাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।


 
উপায়হীন হৈ একাংশ শ্ৰমিকে শাক-পাচলি বিক্ৰী কৰি আৰু আন একাংশই হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে। যদিও মৰাপাটৰ নাটনিৰ দোহাই দি মৰাপাট কল কৰ্তৃপক্ষই উৎপাদন প্ৰক্ৰিয়া বন্ধ ৰাখিছে স্থানীয় একাংশ লোকৰ মতে উৎপাদন বন্ধ ৰখাৰ অন্তৰালত আন গভীৰ ৰহস্য লুকাই আছে । মৰাপাট কল কৰ্তৃপক্ষৰ একাংশ বিষয়াৰ চৰম অদক্ষতা আৰু দুৰ্নীতি পৰায়ণ মনোভাৱ মৰাপাট কলটোৰ বৰ্তমানৰ অচলাৱস্থাৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। মৰাপাট কলটোৰ পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ কামকাজকো একাংশ লোকে সমালোচনা কৰিছে।
 
সাধাৰণতে মৰাপাট কলটোত  কিবা পৰিস্থিতিৰ সৃষ্টি হ'লেই কলিয়াবৰৰ বিভিন্ন দল- সংগঠন ,সচেতন ব্যক্তি আদি সৰব হৈ পৰা দেখা যায়। কিন্তু আজি ১৩ দিন ধৰি মৰাপাট কলটোৰ উৎপাদন বন্ধ হৈ থকাৰ পাছতো দল ,সংগঠন ,সচেতন ব্যক্তি নীৰৱে থকাত ৰাইজে সহজভাৱে লোৱা নাই। শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গঠিত অসম সমবায় মৰাপাট কল কৰ্মী ইউনিয়ন এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰি শ্ৰমিক বিৰোধী নীতি অৱলম্বন কৰাৰ অভিযোগ উঠিছে। 

উল্লেখ্য  যে,১৯৬০ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা দেশৰ সমবায় খণ্ডৰ একমাত্ৰ মৰাপাট কলৰ উৎপাদন প্ৰক্ৰিয়া ১৯৭১ চনত আৰম্ভ হয়।আৰম্ভণিতে কেবাবছৰ ধৰি লাভৰ মুখ দেখা মৰাপাট কলটোৰ প্ৰতি  ১৯৮০ চনৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হয়। মৰাপাট কলটোৰ শীৰ্ষ বিষয়াৰ লুণ্ঠন আৰু দুৰ্নীতিপৰায়ন মনোভাৱৰ বাবে ১৯৮৪ চনত তিনি কোটিৰো অধিক টকা লোকচান হোৱাত সেই চনৰে মাৰ্চ মাহত চৰকাৰে মৰাপাট কলটোত তলাবন্ধ ঘোষণা কৰে। ইয়াৰ পাছত অসম আন্দোলনৰ বাবে হোৱা অসম চুক্তি অনুসৰি ১৯৮৬ চনৰ জানুৱাৰী মাহৰ পৰা পুনৰ উৎপাদন আৰম্ভ হয়।
 
শ্ৰমিকক দৰমহা ,বিদ্যূতৰ বিল আদি বিভিন্ন দেয়ক পৰিশোধকৰাৰ পাছত ১৯৯২ চনৰ পৰা  ক্ৰমাগত ভাবে  বুজন পৰিমাণৰ লাভৰ মুখ দেখা  এই মৰাপাট কলটো কভিডকালীন সময়তো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল। ২০২০ চনত আভ্যন্তৰীণ সংঘাত আদিৰ বাবে কিছুদিন বন্ধ হৈ আছিল যদিও চৰকাৰ ,স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত পুনৰ মুকলি হয়। ইয়াৰ পাছতে মৰাপাট কল কৰ্তৃপক্ষই দ্বিতীয় ইউনিট মুকলি কৰি এক  আশাৰ বাৰ্তা কঢ়িয়াই আনিছিল। এই দ্বিতীয় ইউনিটত মহিলা শ্ৰমিক নিয়োগ কৰি এক চমক সৃষ্টি কৰিছিল। কলকাতাৰ এক প্ৰতিষ্ঠানক এই দ্বিতীয় ইউনিট পৰিচালনা কৰিবলৈ দিয়া হয়। কিন্তু অভিযোগ মতে এই প্ৰতিষ্ঠানৰ সঞ্চালক তথা মৰাপাট কলৰো সঞ্চালক পুৰোহিত উপাধিৰ বিষয়া গৰাকীয়ে শেহতীয়াকৈ মৰাপাট যোগান ধৰা ঠিকাদাৰক মৰাপাটৰ প্ৰায় ২০ কোটি টকা আদায় নিদিয়াৰ বাবে সমগ্ৰ মৰাপাট কলটোত অচলাৱস্থাৰ সৃষ্টি হয়।

WhatsApp Image 2026-02-13 at 7.34.14 PMস্থানীয় লোকে শীঘ্ৰে মৰাপাট কলটোৰ অচলাৱস্থা দুৰ কৰি উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনাইছে। লগতে মৰাপাট কলটোত চলি থকা এই সমগ্র বিষয়ৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।উল্লেখ্য যে, কলটোৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ হিচাপে আছে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে উপাধ্যক্ষ হিচাপে আছে মন্ত্ৰীগৰাকীৰে ঘনিষ্ঠ পলাশ বৰা নামৰ ব্যক্তিজন। এনে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই এতিয়া কলটোৰ দুৰ্যোগৰ সময়তো বিভিন্ন দল-সংগঠনৰ লগতে কলটোৰ একাংশ শ্ৰমিক-কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা অসম সমবায় মৰাপাট কল কৰ্মী সন্থাকে ধৰি তথাকথিত সচেতন মহলে ৰহস্যজনক ভাৱে মৌনতা অৱলম্বন কৰা বুলিও চৰ্চিত হৈছে। এতিয়া প্ৰশ্ন উৎত্থাপন হৈছে- ৰাজনৈতিক হস্তক্ষেপৰ বাবেই চিৰদিনলৈ বন্ধ হৈ পৰিব নেকি সমবায় খণ্ডটো। লগতে  উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা একালৰ লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগটো?

নগাওঁ