/asomiyapratidin/media/media_files/2025/09/15/ap-for-web-new-bikhekh-lekha-new-2024-3-2025-09-15-13-43-14.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এটা চৰকাৰী কাৰ্যালয়। চৰকাৰী কাম বিনামূল্যে হ'ব লাগে যদিও কাৰ্যালয়ত থকা বিষয়া-কৰ্মচাৰী সকলে বিনা টকাত একো কাম কৰি নিদিয়ে। কাম অনুযায়ী ধাৰ্য্য কৰা আছে তেওঁলোকক দিব লগা ধনৰ পৰিমাণ। যিহেতু এইটো এটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, সেই হেতু মানুহে ধন ভৰি মাটি-ৱাৰীৰ কামবোৰ কৰিব লগা হয়।
এয়া কল্প-কাহিনী নহয়। এগৰাকী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত দুৰ্নীতিৰ দস্তাৱেজ। ৰাজহ চক্ৰ বিষয়া গৰাকীৰ নাম নূপুৰ বৰা। শেহতীয়াকৈ তেওঁ কৰ্মৰত গৰৈমাৰী ৰাজহ চক্ৰৰ কাহিনী এয়া। ইয়াৰ পূৰ্বে তেওঁ বৰপেটাকে ধৰি আন যি স্থানত কৰ্মৰত আছিল তাতো একেই ধৰনৰ কাৰবাৰে চলাইছিল।
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে তোলা আলোকচিত্ৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যৰ সৈতে তোলা ফ'টো সামাজিক মাধ্যমত তেওঁ নিজেই আপলোড কৰি থৈছে। হয়তো এক বাৰ্তা দিয়াৰ চেষ্টা কৰিছিল এইদৰেই যে, তেওঁ কিমান ঘনিষ্ঠ মুখ্যমন্ত্ৰীৰ সৈতে।
তাৰ পাছত তেওঁৰ লুন্ঠনৰ এই যাত্ৰাত বাধা দিয়াৰ সাহস কাৰ? অভিযোগ তেওঁৰ প্ৰতি উত্থাপন হয় প্ৰায় প্ৰতিদিনে। ব্যৱস্থাহে গ্ৰহণ কৰা নাছিল ইমান দিনে। চৰকাৰী অফিচত তেওঁ জাৰি কৰা কামৰ ৰেটৰ নুমনা এয়া- চিঠাৰ নামজাৰি কৰিলে প্ৰতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা, উত্তৰাধিকাৰীৰ নামজাৰি কৰিলে ৭ ৰ পৰা ১০ হাজাৰ টকা প্ৰতিবিঘাত।
আৰু আছে তেওঁৰ ৰেট। মাটি বেচা-কিনাৰ অনুমতিৰ বাবদ প্ৰতিবিঘাত দিব লাগে ১৫ ৰ পৰা ৪০ হাজাৰ টকা। অট'মিউটেচনৰ বাবদ ৭ ৰ পৰা ১৫ হাজাৰ, ৱাৰিচ সূত্ৰে নামজাৰিৰ বাবদ প্ৰতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,ৱাটোৱাৰৰ বাবদ ১৫ ৰ পৰা ২০ হাজাৰ টকা।
ম্যাদীকৰনৰ ৰেট তেওঁৰ ২০ ৰ পৰা ২৫ হাজাৰ প্ৰতি বিঘাত, নাম কৰ্তন বা নাম বাহাল ৰখাৰ বাবদ ১.৫ লাখৰ পৰা ২ লাখ টকা, কালি সংশোধনৰ বাবদ ৭০ হাজাৰৰ পৰা ১ লাখ টকা, নাম শুধৰণিৰ বাবদ ২০ ৰ পৰা ৩০ হাজাৰ, লেণ্ড হ'লডিং বা ট্ৰেচমেপৰ নামত ১৫০০ ৰ পৰা ২০০০ টকা।
এয়া তেওঁৰ ফিক্সড ৰেট। লগত থাকে তেওঁৰ বিশ্বস্ত মণ্ডল সকল। মানুহ অতিষ্ঠ হৈ এই সকলোবোৰ কথা কামৰূপ জিলা আয়ুক্তক লিখিতভাৱে দিয়া হৈছিল ৫ আগষ্ট ২০২৫ ত। নুপুৰ বৰাৰ দুৰ্নীতিৰ দস্তাৱেজৰ শেহতীয়া আন কিছু নমুনা এনে ধৰনৰ-
গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চাম্পুপাৰা গাঁৱৰ ১৬০ নং চৰকাৰী দাগৰ পৰা ২২ বিঘা ৪ কঠা ২ লোচা মাটি কিছু ব্যক্তিৰ নামত নামজাৰি কৰা হয়। তাৰ ভিতৰত যোগেন্দ্ৰ কলিতাৰ নামত ২১ নং পট্টাৰ ১৫১ নং দাগৰ এবিঘা, ১৬১ নং দাগত ২ কঠা ১০ লেচা, ১৬২ নং দাগত ৪ কঠা, ১৬৩ নং দাগত ৪ কঠা, ১৬৪ নং দাগত ১ বিঘা ১০ লেচা, ১৬৫ নং দাগত ৩ বিঘা,১৬৬ নং দাগত ৩ বিঘা একঠাকে ধৰি মুঠ ১৫ বিঘা ৪ কঠা ২ লেচা মাটি নামজাৰি কৰি দিলে।
লক্ষ্যণীয় যে, যিজন লোকৰ নামত এই নামজাৰি কৰিলে তেওঁ ৭ বছৰ মানৰ পূৰ্বে মৃত্যু হৈছিল। কিন্তু নূপুৰ বৰাৰ ক্ষমতা আৰু মহিমা অপাৰ। গঢ়া খহনীয়াত মাটি হেৰুৱা লোকৰ বাবে আৱন্টিত চৰকাৰী মাটি এনেদৰে বেলেগ লোকৰ নামত নামজাৰি কৰি ম্যাদী কৰি দিওতে নূপুৰ বৰা আৰু তেওঁৰ সংগী সকলে ৰেট অনুসৰি কোটি কোটি ধন জেপত ভৰালে।
খুদেজা খাটুনৰ নামত ১৫৫ নং পট্টাৰ ৩০০ নং দাগত ২ বিঘা, সোণাউল্লাৰ নামত ১৫৬ নং পট্টা আৰু ৩০১ নং দাগত দুবিঘা, চামচুল হকৰ নামত ৩০৫ নং পট্টা আৰু ৩০২ নং দাগত এবিঘা ২ কঠা ১০ লেচা, চাহজাহান আলীৰ নামত ১৫৭ নং পট্টাৰ ৩০৩ নং দাগত এবিঘা ২ কঠা ১০ লেচা মাটি নূপুৰ বৰাই পট্টা দি ম্যাদী কৰি দিলে।
এই লোক সকলৰ নামত ২২ বিঘা ৪ কঠা ২ লেচা মাটি পট্টা বা ম্যাদী কৰি দিওতে নিয়ম অনুসৰি SDLSC ৰ পৰা কোনো অনুমোদন নল'লে। একেদৰে হাঁহচৰি লাটৰ খেৰাজ ম্যাদী ১২৪ নং পট্টাৰ ১০০,১০১,১০২,১০৩, ১০৬ দাগত এখন বিদ্যালয়ৰ নামত থকা মাটি নূপুৰ বৰা আৰু মণ্ডল কাৰ্তিক ঠাকুৰীয়াই অবৈধ প্ৰক্ৰিয়াৰে চেকেণ্ড লাট আলী আৰু আব্দুল হকৰ নামত নামজাৰি কৰি দিলে। অভিযোগ মতে বিনিময়ত ল'লে কেই লাখমান টকা।
মাটিৰ কাম-কাজ কৰাত বৰ আগ্ৰহ নুপুৰ বৰাৰ। অৱশ্যে কোনো মাটিৰ বিবাদ-মীমাংসাৰ বাবে ধন নাপালে তেওঁ কোনো আগ্ৰহ নকৰে। নূপুৰ বৰা নামৰ এইগৰাকী বিষয়া গোলাঘাটৰ। ২০১৯ ৰ ১৭ জানুৱাৰীত তেওঁ অসম অসমাৰিক সেৱাত যোগদান কৰিছিল।
১৮.৬.২০২৩ ত তেওঁ বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰিছিল। তাৰ পূ্ৰ্বে কাৰ্বি আংলঙৰ সহকাৰী আয়ুক্ত হিচাপে আছিল ২ মাৰ্চ ২০১৯ ৰ পৰা ১৬ জুন ২০২৩ লৈ। বৰপেটাত থকাৰ সময়তো তেওঁ নাভুত-নাশ্ৰুত কাণ্ড সংঘটিত কৰিছিল।
বৰপেটা টাউন এলেকাৰ একচনা মাটি অবৈধভাৱে ম্যাদীকৰণ কৰা অভিযোগ উঠিছিল নূপুৰ বৰাৰ বিৰুদ্ধে।নূপুৰ বৰাই সেই সময়ত অসম চৰকাৰক ভূমি নীতি অনুসৰি চহৰ এলেকাৰ পৰা ৩ কিলোমিটাৰ ভিতৰত একচনা মাটিৰ প্ৰিমিয়াম টাউনৰ ৩ কিলোটাৰৰ বাহিৰৰ বুলি দেখুৱাই ৪০ হাজাৰ টকাত ম্যাদী কৰি দিছিল।
যাৰ বাবে চৰকাৰে বহু ৰাজহ হেৰুৱাইছিল। কিন্তু ঠিকেই গধুৰ হৈছিল নূপুৰ বৰাৰ জেপ। তেনে বহুবোৰ অভিযোগ উত্থাপন হৈছিল নূপুৰ বৰাৰ বিৰুদ্ধে। ধনৰ লোভত একাংশ দালাল মাফিয়া সংগী কৰি নূপুৰ বৰাই লুন্ঠন চলাইছিল সেই সময়ত।
আনকি, বৰপেটা জিলাৰ ঘিলাৱাৰী মৌজাৰ অন্তৰ্গত গৰৈমাৰী পথাৰৰ ৫৫,৯০,৯১, ১৫২ ম্যাদী পট্টাৰ ২৩৬, ২৪০,২৪৩,৩৩৩,৩৩৫,৩৩৬ ডাক নম্বৰৰ মাটিৰ সীমা সমজোৱাৰ নামত স্থানীয় লাট মণ্ডলৰ জড়িয়তে ভূৱা প্ৰতিবেদন প্ৰস্তুত কৰাৰো অভিযোগ উঠিছিল।
বৰপেটাত তেওঁ যোগদান কৰি লাট মণ্ডল সুৰজিত ডেকাৰ সৈতে মিলি এই অনীতি সংঘটিত কৰা বুলি মানুহৰ মুখে মুখে চৰ্চা লাভ কৰিছিল। আনকি সুৰজিত বৰাক বদলি কৰি হাউলীৰ লাট মণ্ডল জিটু দাসক আনি সেই সময়ত বসুন্ধৰাৰ কাম-কাজ কৰিব লগা হৈছিল।
ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ সোঁহাত সুৰজিত বৰা। পট্টাৰ দ্বাৰা নামকৰ্তন, ভূমিৰ নথি সংশোধন আদি বিভিন্ন কামত সংঘটিত কৰা অনিয়মৰ বাবে বৰপেটাত থাকোতেও নুপুৰ বৰাৰ বিৰুদ্ধে ৰাজহ মন্ত্ৰী আয়ুক্ত সচিব আদিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল।
দুৰ্নীতিত নিৰ্মজিত নুপুৰ বৰাৰ বিৰুদ্ধে চি এম ভিজিলেন্সতো বহু অভিযোগ দাখিল কৰা হৈছিল। ১৫ চেপ্তেম্বৰ ২০২৫ সোমবাৰে হঠাত নূপুৰ বৰাৰ গুৱাহাটী গোতা নগৰ ফ্লেটত উপস্থিত হৈছিল চি এম ভিজিলেন্সৰ দল।
চাইন শান্তি গ্ৰীনো নামৰ মালিগাঁৱৰ এই এপাৰ্টমেন্টৰ ৫ মহলাত আছে নূপুৰ বৰাৰ ফ্লেট। ফ্লেটত অভিযান চলাই হতবাক চি এম ভিজিলেন্সৰ অভিযানকাৰী দল। এটা বিশাল বেগ খুলিবলৈ লৈ অভিযানকাৰী দলে ভাৱিছিল তাত কাপোৰ থাকিব, কিন্তু কাপোৰৰ সলনি বেগটোত ওলাল কেৱল ৫০০ টকীয়া নোট।
টকা গণিবলৈ মাতিব লগা হ'ল ষ্টেট বেংকৰ কৰ্মচাৰীক। আনুষ্ঠানিকভাৱে অভিযানকাৰী দলে কিমান ধন উদ্ধাৰ হৈছে প্ৰকাশ কৰা নাই যদিও সেই ধনৰ পৰিমাণ ২-৩ কোটি পাৰ হ'ব বুলি অনুমান কৰিছে। সমান্তৰালভাৱে নূপুৰৰ ঘনিষ্ঠ লাট মণ্ডল সুৰজিত ডেকাৰ বৰপেটাৰ দৰংকুছিত থকা ঘৰটো চলিল চি এম ভিজিলেন্সৰ অভিযান। সুৰজিতৰ ঘৰত উদ্ধাৰ হোৱা টকাৰ পৰিমাণ ১০ লাখ।
এবাৰ অভিযান চলাওঁতেই ওলাই পৰিল নূপুৰ বৰা নামৰ চৰকাৰী বিষয়া সকলৰ আচল স্বৰূপ। উত্থাপিত অভিযোগ যে সঁচা আৰু তেওঁলোকে যে ধনত মগন হৈ মুখা পিন্ধি দুৰ্নীতি কৰি গৈছিল সেই প্ৰমাণ সাধাৰণ মানুহক আৰু বেলেগকৈ দিয়াৰ প্ৰয়োজন নাই।