/asomiyapratidin/media/media_files/2025/12/13/new-bikhekh-protibedon-1-12-2025-12-13-19-12-50.jpg)
সোৱণিশিৰি নদীাৰ ওপৰত নিৰ্মাণ কৰা নদীবান্ধ কিমান ভয়াবহ হব পাৰে সেই কথা অৱশেষত উপলব্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। অতি শেহতীয়াকৈ NHPCয়ে ঘোষণা কৰিছে যে, উজনি সোৱনশিৰিত নিৰ্মাণৰত Upper Subansiri Hydroelectric Project নদীবান্ধটোৰ কাম বন্ধ কৰা হৈছে। পিছে, এতিয়া গেৰুকামুখৰ নদীবান্ধ কেতিয়া বন্ধ হ'ব বুলি প্ৰশ্ন উত্থাপন হৈছে। এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
উজনি সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ সন্দৰ্ভত NHPC কৰ্তৃপক্ষই ১২ ডিচেম্বৰ ২০২৫ত এক জাননী প্ৰকাশ কৰিছে। সেই জাননীত উল্লেখ কৰিছে যে, সেই নদীবান্ধটো নিৰ্মাণক লৈ সৃষ্টি হোৱা আইন শৃংখলাজনিত পৰিস্থিতি আৰু বিভিন্ন ছাত্ৰ সংগঠনে কৰা আন্দোলনৰ পৰিপেক্ষিত এই বান্ধটোৰ নিৰ্মাণৰ কাম বন্ধ কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/whatsapp-image-2025-12-13-18-44-05.jpeg)
নদীবান্ধটোৰ নিৰ্মাণত NHPCৰ বিষয়া কৰ্মচাৰী সকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উজনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পৰ কাম পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ কৰাৰ কথা উল্লেখ কৰিছে এই জাননীত। উল্লেখযোগ্য যে, সোৱণশিৰিত নিৰ্মাণ কৰা নদীবান্ধৰ ভিতৰত নামনি সোৱণশিৰি নদীবান্ধক লৈও ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছিল। আটাইতকৈ বেছি বিপদজনক নামনি সোৱণশিৰিত নদীবান্ধটোৰ নিৰ্মাণ কাৰ্যত যথেষ্ট বিসংগতি ৰৈ গৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/vbk-subansiri_dam_-750x375-2025-12-13-18-57-33.jpg)
পাহৰৰ কোমল মাটিত আৰু ভূমিকম্প প্ৰৱণ অঞ্চলত নিৰ্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ক্ষেত্ৰত NHPCয়ে উজনি সোৱশিৰি নদীবান্ধৰ দৰেই এক সিদ্ধান্ত লোৱাটো প্ৰয়োজনীায় আছিল। উজনি সোৱণশিৰিত নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ পাছত নামনি সোৱণশিৰি নদীবান্ধৰটো যিকোনো মুহুৰ্ততে বন্ধ কৰি দিয়াৰ সম্ভাৱনাই দেখা দিছে।
এই নদীবান্ধটোৰ বিদ্যুৎ উৎপাদন আনুষ্ঠানিকভাৱে শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ দ্বাৰা কৰা হব বুলি এক প্ৰচাৰ চলাইছিল যদিও আইবিৰ প্ৰতিবেদনত নদীবান্ধটোৰ আসোঁৱাহ সমূহ উল্লেখ থকাত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰধানমন্ত্ৰীৰ হতোৱা নামনি সোৱণশিৰি নদীবান্ধ উদ্বোধন কৰাত সেইজ সংকেত প্ৰদান কৰা নাছিল।
ইফালে, ইয়াৰ কাৰণে কেইবাবাৰো দিন সলনি কৰাৰ পাছত ২০২৬ৰ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ শুভাৰম্ভ কৰিব বুলি আন এক প্ৰচাৰ চলোৱা হৈছিল। কেতিয়াবা সাধাৰণ এজাক বৰষুণতে গাৰ্ডৱাল খহি পৰা, পাৱাৰ হাইচ পানীত ডুব যোৱা, টাৰৱাইনৰ ৰটাৰী ভঙা আদি বিসংগতিৰ লগতে প্ৰকৃতিয়েও প্ৰতি খোজতে বাধা দি আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/as-dmj-01-nhpc-dam-visbyte-as10021_24092022125456_2409f_1664004296_1027-2025-12-13-18-52-26.jpg)
উল্লেযোগ্য যে, অসম চুক্তি অনুসৰি নিৰ্মাণ কৰা নদীবান্ধটো মুলত বিদ্যুৎ উৎপাদনৰ লগতে বানপানী নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰাৰ কথা আছিল। পিছে তাৰ পৰা আতৰি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ ফলত উত্তৰ অসমত অধিক প্ৰভাৱ পৰিব। NHPC কৰ্তৃপক্ষই উজনি সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে কৰিলে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধটো আৰু অধিক ভয়ংকৰ হৈ পৰিব। ২৬০০ কোটিৰ ব্যয়েৰে এই নদীবান্ধ নিৰ্মাণৰ নামত চৰকাৰী ধনৰ অপচয় কৰি জৈৱ বৈচিত্ৰ্য বিনাশেৰে উত্তৰ অসমবাসীক ধ্বংসৰ মুখলৈ ঠেলি দিয়া সোৱনশিৰিৰ আটাইবোৰ নদীবান্ধৰে নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ প্ৰয়োজন হৈ পৰিছে।
এনেবোৰ কৰ্মকাণ্ডৰে এতিয়া NHPCয়ে যেন এই নদীবান্ধ নিৰ্মাণ কাৰ্যৰ পৰা পলায়ন কৰাৰ এক প্ৰেক্ষাপট ৰচনা কৰিছে। আন্দোলনকাৰীৰ গালৈ দায়িত্ব ঠেলি নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত দেখুৱাবলৈ NHPCয়ে জাৰি কৰা এই জাননীক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us