/asomiyapratidin/media/media_files/2025/07/23/jujdd-2025-07-23-13-58-32.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এয়া চূড়ান্ত প্ৰতিবাদ। বহু আশা আৰু সপোন লৈ ভাল কাম কৰিম বুলি চাকৰিত মকৰল হোৱা এগৰাকী যুৱতী অভিযন্তাৰ আশাহত জীৱনৰ কৰুণ পৰিসমাপ্তি। কি পৰ্যায়ত প্ৰশাসন যন্ত্ৰ আৰু চৰকাৰী ব্যৱস্থাটোত দুৰ্নীতিয়ে গ্ৰাস কৰিছে, তাৰ প্ৰতিফলন এয়া।
যোশিতাৰ দৰে আমাৰ চকুৰ সন্মুখতেই আৰু বহু যোশিতা আছে। অন্যায়, অনিয়মৰ প্ৰতিবাদ কৰিবলৈ গৈ ষড়যন্ত্ৰৰ বলি হোৱা এনে একো একোজনী যোশিতাই অকলেই যুঁজি আছে। কোনো কোনো যোশিতাই নীৰৱ হৈ সেই ব্যৱস্থাৰ মাজতে যি হয় হ’ব বুলি ব্যৱস্থাটোৰ মাজতেই নিজকে এৰি দিছে।
আছে এনে যোশিতাও, যি হাৰি নাযাওঁ বুলি চাকৰিকে এৰি দিছে। কিমান যোশিতাৰ কাহিনী আছে এই অফিচ-কাছাৰীবোৰত। বঙাইগাঁৱত এচাম দুৰ্নীতিগ্ৰস্ত উচ্চপদস্ত বিষয়া আৰু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ হেঁচাত মানসিকভাৱে বিধ্বস্ত হৈ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱনটোকে শেষ কৰি দিলে যোশিতা দাসে।
তেওঁৰ মানসিক অৱস্থাটোৰ কথা বুজিবলৈ শুনিব লাগিব তেওঁৰ মাতৃৰ কথা। মাকক যোশিতাই কৈ গৈছিল সেই প্ৰত্যাহ্বান ভৰা চাকৰি জীৱনৰ সকলো কথা। কৈছিল কেনেকৈ তেওঁক দুৰ্নীতি কৰিবলৈ তেওঁৰ উৰ্ধতম কৰ্তৃপক্ষই হেচাঁ দিছিল।
শেষ চিঠিখনত সেই কথা লিখি গৈছে যোশিতাই। চিঠিৰ প্ৰথম বাক্যটোতে যুৱ অভিযন্তাগৰাকীয়ে তেওঁৰ ওপৰত জাঁপি দিয়া কামৰ হেচাঁ, অত্যাধিক মানসিক চাপৰ বাবে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰিছে।
লোকনিৰ্মাণ বিভাগত চাকৰি কৰা বৰ বেছি হোৱা নাছিল যোশিতাৰ। ২০২৩ৰ ১১ডিচেম্বৰত যোশিতাই এই বিভাগটোত এগৰাকী অভিযন্তা হিচাপে যোগদান কৰিছিল। বজালীৰ পৰা ৬-৭মাহৰ মানৰ পূৰ্বে যোশিতাক বদলি কৰা হৈছিল বঙাইগাঁৱলৈ।
বঙাইগাঁৱত নিৰ্মাণ কৰি থকা হৈছে এটা মিনি ষ্টেডিয়াম। নাৰ্বাডৰ ইনফা ষ্টাকচাৰ ডেভেলপমেন্ট এচিচটেন্সৰ জৰিয়তে এন আই ডি এৰ অধীনত এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি থকা হৈছে বৰ্ষন গাঁৱত।
ৰাজ্যৰ ভিন্ন প্ৰান্তত এই আঁচনিৰ অধীনত ২৩টাকৈ মিনি ষ্টেডিয়ামৰ নিৰ্মাণ চলি আছে। প্ৰতিটো ষ্টেডিয়ামত ১২কোটি টকাকৈ ধাৰ্য কৰা হৈছিল ব্যয়। পূৰ্বতে এই ষ্টে়ডিয়ামৰ নিৰ্মাণৰ তদাৰক কৰিছিল বঙাইগাঁৱত কৰ্মৰত দুই অভিযন্তা ক্ৰমে- আমিনুল ইছলাম আৰু দীনেশ শৰ্মা মেধিয়ে।
আমিনূল ইছলাম আছিল এছ ডি অ’ আৰু দীনেশ শৰ্মা মেধি আছিল কাৰ্যবাহী অভিযন্তা। ডেৰমাহ মানৰ পূৰ্বে দুয়োকে বদলি কৰা হৈছিল জিলাখনৰ পৰা। আমিনূল ইছলামক বদলি কৰা হৈছিল লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যালয়লৈ।
পদোন্নতিসহ তেওঁক এই পদত বদলি কৰিলেও তেওঁ আহিব বিচৰা নাছিল বঙাইগাওঁ এৰি। আনহাতে দীনেশ শৰ্মা মেধিক নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ বদলি কৰিছিল। দুয়োয়ে চেষ্টা কৰিছিল এই বদলি বন্ধ কৰিবলৈ।
যিটো মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছিল সেই ষ্টেডিয়ামটোৰ ঠিকা লাভ কৰিছিল বঙাইগাঁৱৰ এজন আগশাৰীৰ ঠিকাদাৰে। নাম তেওঁৰ ৰুদ্ৰ পাঠক। এই ঠিকাদাৰজনে নিৰ্মাণ কৰা ষ্টেডিয়ামটোৰ কাম-কাজ তদাৰক কৰিবলৈ চাইট ইঞ্জিনিয়াৰ হিচাপে দায়িত্বত আছিল যুৱতী অভিযন্তা যোশিতা দাস।
ষ্টেডিয়াম নিৰ্মাণস্থলীলৈ গৈ তেওঁ বহু আসোঁৱাহ ধৰা পেলাইছিল। বিশেষকৈ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰ মান আছিল অতি নিম্নখাপৰ। ষ্টে়ডিয়ামটোত ডি পি আৰৰ মতে, যিধৰণে লোহাৰ ৰড ব্যৱহাৰ কৰিবলৈ দিয়া আছিল সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাছিল।
সকলো কথা মাকৰ সৈতে পতা যোশিতাই কামবোৰ দেখি অসন্তুষ্ট হৈ মাককে সকলো কৈ কৈছিল। কিয়নো ষ্টেডিয়াম নিৰ্মাণত নিয়োজিত শ্ৰমিক বা মহৰিক এই আসোৱাঁহবোৰৰ কথা কওতে সেইবোৰ ওপৰত ছাৰৰ সৈতে পতা আছে বুলি উত্তৰ দিছিল।
য’ত ১২ এম.এম ৰড ব্যৱহাৰ কৰিব লাগে, তাত ১০ এম.এম ৰড ব্যৱহাৰ কৰিছিল। চকুৰ সন্মুখত এই আসোৱাঁহ আৰু অনিয়মবোৰ দেখিও যোশিতাই একোৱেই কৰিব নোৱাৰিছিল। ওপৰৰ বিষয়াৰ নিৰ্দেশ মানি এই ষ্টে়ডিয়াম নিৰ্মাণৰ বিলত চহী কৰি দিয়াই যেন যোশিতাৰ একমাত্ৰ কাম।
দুপৃষ্ঠাৰ এই চিঠিখনত ইয়াৰ সবিশেষ বৰ্ণনা দি গৈছে যোশিতাই। বঙাইগাঁৱৰ পৰা বদলি হৈ যোৱাৰ পাছত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ সৈতে বুজাবুজিৰ বাবে সেই কাম সম্পূৰ্ণ নোহোৱাকৈ চৰকাৰী ধন ঠিকাদাৰক মোকলাই দিয়াৰ বাবে জোৰ দিছিল এই দুই উচ্চ পদস্থ বিষয়াই।
যিটো সহ্য কৰা নাছিল যোশিতাই। বিবেক দংশনত ভুগিছিল তেওঁ। কেনেকৈ ৱৰ্কিং এষ্টিমেটত কাম সম্পূৰ্ণ হোৱা বুলি দেখুৱাব তাক লৈ বিবুধিত পৰিছিল। ২১জুলাই, ২০২৫ৰ নিশা মাকৰ সৈতে শেষ কথা হৈছিল যোশিতাৰ।
যোশিতাই মাকক জনাইছিল- পূৰ্বৰ লোকনিৰ্মাণ বিভাগত বঙাইগাঁৱত কৰ্মৰত এছ ডি অ’ জনে এইবাৰ ফৰ্থ ছাটাৰ ডেত ঘৰলৈ আহোতে গুৱাহাটীত কোনোবা এঠাইত বহি কেনেকৈ এই কাম কৰিব লাগে শিকাই দিয়াৰ প্ৰস্তাৱ দিছিল। মাকেও এনেবোৰ জটিলতাৰ মাজত সোমোৱাৰ বিপৰীতে পিছত যি হয় হ’ব বুলি কৈ তেওঁ কোৱাৰ দৰে কামবোৰ কৰি দিবলৈ পৰামৰ্শ দিছিল।
তাৰ পাছতে মাকৰ ফোন থৈ সেই এছ ডি অ’ জনৰ সৈতে কথা পতাৰ কথা আছিল যোশিতাৰ। কি কথা পাতিলে যোশিতাই, সেয়া কোনেও নাজানিলে। কি হেচাঁ দিছিল যোশিতাক জানিব কেৱল সেই দুজন বিষয়াই।
সেই নিশাই চৰম সিদ্ধান্ত ল’লে যোশিতাই। মাত্ৰ ৬৬শতাংশ কামহে সম্পূৰ্ণ হৈছিল সেই মিনি ষ্টেডিয়ামৰ। কামৰ কোনো সঠিক আৰ্হি নাছিল, যি ইচ্ছা তাকেই কৰি গৈছিল এই ক্ষমতাশালী ঠিকাদাৰ জনে।
তদন্ত যদি হয়, ওলাব এই দুৰ্নীতিৰ সবিশেষ। ইঞ্জিনিয়াৰ, ঠিকাদাৰে মিলি কৰা অনিয়মৰ দস্তাবেজ পোহৰলৈ আহিব। কিন্তু হ’বনে এই ঘটনাৰ বিচাৰ। যোশিতাই কিমান আক্ষেপেৰে লিখিব পাৰে- মই কি পাপ কৰি ইয়াত ফচিলো নাজানো।‘
যিজন ঠিকাদাৰে এই কাম কৰিছিল তেওঁ হেনো বৰ হাত দীঘল মানুহ। দিছপুৰৰ লৈকে দীঘল তেওঁৰ হাত। ঠিকাৰ লগতে ৰাজনীতিত যোগ দিছে শেহতীয়াকৈ। অভয়াপুৰী সমষ্টিৰ পৰা ২৬ত বিজেপিৰে তেওঁ আছিল হেনো শক্তিশালী দাবীদাৰ।
আটক কৰা হ’ল দুই অভিযন্তাক। তাতেই যদি তদন্ত থমকি ৰয়, পাব জানো শান্তি যোশিতাৰ আত্মাই। তদন্ত হ’ব লাগে সঠিকভাৱে। জীয়াই থকা আনসকল যোশিতাই যাতে সেই মানসিক অত্যাচাৰ আৰু হেচাঁৰ পৰা মুক্তি পাবলৈ সাহস পায়, তাৰ এক শক্তিৰ প্ৰতীক হৈ পৰক যোশিতা।
সকলোখিনি নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ ওপৰত। দোষীক দৃষ্টান্তমূলক শাস্তিৰে যোশিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নজনালে, দুৰ্নীতিৰ বিৰুদ্ধে হাতে-কামে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে আৰু যোশিতাই আৰ্তনাদ কৰিব অফিচে অফিচে...