/asomiyapratidin/media/media_files/2026/02/19/whatsapp-imag-2026-02-19-20-24-56.jpeg)
ডিজিটেল ডেস্কঃ বেংগালুৰুত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে বেংগালুৰুৰ অৱলাহল্লীৰ সমীপৰ এপাৰ্টমেণ্টত এই ঘটনা সংঘটিত হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তেওঁৰ পত্নীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । নগেশ্বৰ ৰাও নামৰ অভিযুক্ত লোকজনে পুৱা প্ৰায় ১০ বজাত ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/19/whatsapp-imag-2026-02-19-20-20-40.jpeg)
উল্লেখ্য যে,পাকঘৰত কাম কৰি থকাৰ সময়ত পত্নীক ইছৰোৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে টাৱেলেৰে ডিঙিত মেৰিয়াই ধৰে । ইয়াৰ পাছতে একেটা এপাৰ্টমেণ্টতে বাস কৰা আন এজন লোকক ফোন কৰি পত্নীক হত্যা কৰাৰ কথা অৱগত কৰে। ইপিনে একেটা এপাৰ্টমেণ্টতে বাস কৰা এজন চিকিৎসকে ঘৰটো পৰিদৰ্শন কৰি আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতেল গোচৰ ৰুজু কৰি লোকজনক গ্ৰেপ্তাৰ কৰে।
ইপিনে এই ঘটনাৰ পাছতে বেংগালুৰু পূব মণ্ডলৰ যুটীয়া আৰক্ষী আয়ুক্ত ৰমেশ বানোথে কয় যে- অপৰাধৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তেওঁক মানসিকভাৱে অস্থিৰ যেন লাগিছে। এতিয়াও তদন্ত চলি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us