ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ধৃত সৰবৰাহকাৰীকেইটা তেজপুৰ কচাৰিপামৰ দিলদাৰ হুছেইন আৰু ভোচখোৱা চাপৰিৰ ইমতাজুল হক বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা। এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে প্ৰশাসন। ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

WhatsApp Image 2026-01-08 at 3.47.56 PM

আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। গড়েমাটিখোৱা দলংৰ ওচৰত তালাচি চলাই ২৪টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আটক কৰে দুই সৰবৰাহকাৰীক।

উল্লেখ্য যে, ধৃত সৰবৰাহকাৰীকেইটা তেজপুৰ কচাৰিপামৰ দিলদাৰ হুছেইন আৰু ভোচখোৱা চাপৰিৰ  ইমতাজুল হক বুলি জানিব পৰা গৈছে। ইপিনে তেজপুৰৰ পৰা ৰূপহীহাটলৈ AS12W8279 নম্বৰৰ বাহনেৰে সৰবৰাহ কৰিবলৈ আহিছিল ড্ৰাগছখিনি । সম্প্ৰতি অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।

WhatsApp Image 2026-01-08 at 3.48.27 PM

ৰূপহীহাট