উখল-মাখল ৰহাৰ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থান...

আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে মূল ভৈমী একাদশী মেলা পৰ্ব ৷ শংখ, ঘণ্টা, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মা বসুন্ধৰী থান ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ উখল মাখল ৰহাৰ মহিমামণ্ডিত মা বসুন্ধৰী থান ৷ আধ্যাত্মিক চেতনাই বিৰাজ কৰিছে সাম্যৰূপী ৰহাৰ গছপৰাৰ মা বসুন্ধৰী থানত ৷ বুধবাৰৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থানত অনুষ্ঠিত হৈছে পৰম্পৰাগত ’ভৈমী একাদশী মেলা’৷ বুধবাৰে কাষেৰে বৈ যোৱা বৰপানী নদীৰ পৰা পানী তুলি মা বসুন্ধৰীক স্নান কৰোৱাৰ আৰু ধৰ্মীয় পৰম্পৰা তথা ৰীতি নীতিৰ পাছত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে মূল ভৈমী একাদশী মেলা পৰ্ব ৷ 

পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই মা বসুন্ধৰী থানত ভিৰ কৰা দেখা গৈছে ৷ হাতে হাতে ভক্তিৰ অৰ্ঘ্য লৈ মা বসুন্ধৰীৰ আাশীৰ্বাদ লৈছে ভক্তপ্ৰাণ লোকে৷ জনশ্ৰুতি মতে মাঘ মাহৰ শুক্লপক্ষৰ একাদশী তিথিত মা বসুন্ধৰাই একাদশী ব্ৰত পালন কৰিছিল ৷ এই পূণ্য তিথিত মা বসুন্ধৰী থান দৰ্শন কৰিলে মনাবাঞ্চা পূৰ্ণ হয় বুলি আজিও লোকবিশ্বাস আছে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ মা বসুন্ধৰীৰৰ আশীৰ্বাদ ল'বলৈ পুৱাৰে পৰা এনেদৰে জনস্ৰোত বৈছে মা বসুন্ধৰী থানলৈ ৷ শংখ, ঘণ্টা, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মা বসুন্ধৰী থান ৷ 

উল্লেখ্য যে, ৰহাৰ চাপৰমুখ গছপৰাৰ বসুন্ধৰী পাহাৰৰ পূৱ প্ৰান্তত দ্বাদশ শতিকাতে আবিস্কৃত হৈছিল মা বসুন্ধৰী থান ৷ ৰাজ্যৰ অন্যতম পীঠস্থানলৈ ৰূপান্তৰিত হয় আৰু প্ৰতি বছৰে মাঘ মাহৰ শুক্লপক্ষৰ একাদশী তিথিত এই ভৈমী একাদশী মেলা মহোৎসৱ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ আহিছে ৷ এইবাৰ এই ভৈমী একাদশী মেলা মহোৎসৱত প্ৰায় কুৰি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে ৷ কেউফালে ভক্তিৰসৰ লহৰ দেখিবলৈ পোৱা গৈছে মা বসুন্ধৰী থানত৷ ভৈমী একাদশী মেলাত উপস্থিত হৈ মা বসুন্ধৰী থান দৰ্শন কৰিলে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু স্থানীয় বিধায়ক শশীকান্ত দাসে৷ ভৈমী একাদশী মেলা মহোৎসৱৰ লগত সংগতি ৰাখি থান পৰিচালনা সমিতিয়ে ধৰ্মালোচনী সভা, দিহা নাম আদিও অনুষ্ঠিত কৰে ৷ শুক্ৰবাৰে ধৰ্মীয় ৰীতি নীতিৰে ভৈমী একাদশী মেলা মহোৎসৱৰ সামৰণি পৰিব ৷

ৰহা