ফৰিদাবাদতে ৰচনা হৈছিল নেকি দিল্লী বোমা বিস্ফোৰণৰ ব্লুপ্ৰিন্ট!

ফৰিদাবাদৰ পৰা ডাঃ আদিল আহমেদ ৰাথোৰ আৰু ডাঃ মুজাম্মিল নামৰ দুগৰাকী শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দিল্লী, হাৰিয়ানা, আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত ১০ দিন পূৰ্বে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ফৰিদাবাদত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। আজি ফৰিদাবাদ অভিযান চলাই এটা ভাড়াঘৰৰ পৰা ৩৬০ কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰে আৰক্ষীয়ে। জব্দাকৃত বিস্ফোৰকখিনি এমোনিয়াম নাইট্ৰেট বুলি ধাৰণা কৰা হৈছে।

তদুপৰি আৰক্ষীয়ে এটা কেনন-কপাৰ ৰাইফল, ৫টা মেগজিন, এটা পিষ্টল, বৃহৎ পৰিমাণৰ গুলী, ৮টা ডাঙৰ ছুটকেছ, ৪টা সৰু ছুটকেছ, এটা বাল্টি, এটা বেটাৰীযুক্ত টাইমাৰ, এটা ৰিম’ট, এটা ৱাকি-টকি চেট, বৈদ্যুতিক তাঁৰ আদি সামগ্ৰী জব্দ কৰিছে।

সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ফৰিদাবাদৰ পৰা ডাঃ আদিল আহমেদ ৰাথোৰ আৰু ডাঃ মুজাম্মিল নামৰ দুগৰাকী শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দিল্লী, হাৰিয়ানা, আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত ১০ দিন পূৰ্বে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছিল।

মুজাম্মিলে ফৰিদাবাদৰ ধৌজ গাঁৱৰ আল ফালাহ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি ফৰিদাবাদৰ আৰক্ষী আয়ুক্ত সতেন্দ্ৰ গুপ্তাই কয় যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাদিনো ধৰি আভিযান চলাই আছিল, আৰু ১০ দিন পূৰ্বে যৌথ অভিযানত এই লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে। 

মুজাম্মিলৰ পৰা পোৱা তথ্য ভিত্তিতে আৰক্ষীয়ে লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ফৰিদাবাদৰ পৰা ডাঃ আদিল আহমেদ ৰাথোৰকো গ্ৰেপ্তাৰ কৰে। বৰ্তমান দুয়োজনকে তদন্ত অব্যাহত ৰাখিছে। তাৰোপৰি আজিৰ ঘটনাৰ সৈতে দুয়োজনৰ সম্পৰ্ক থকাৰ কথাও সন্দেহ কৰিছে আৰক্ষীয়ে।

লালকিল্লা