শান্তি চুক্তি নহ'লে বলপূৰ্বকভাৱে যুদ্ধ সমাপ্তি কৰিবলৈ সাজু পুটিন...

যদি আলোচনাৰ মাজেৰে যুদ্ধ শেষ নকৰে তেন্তে মই বলপূৰ্বকভাৱে শেষ কৰিবলৈও সাজু আছো। আমাৰ লক্ষ্য স্পষ্ট। যদি ইউক্ৰেইন আলোচনালৈ আহে, তেন্তে আমি যুদ্ধক্ষেত্ৰত শক্তিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিম।

author-image
Asomiya Pratidin
New Update
DDDDDDDD

ডিজিটেল ডেস্কঃ ইউক্ৰেইনক পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। পুটিনে কয় যে, আলোচনাৰ জৰিয়তে যুদ্ধৰ অন্ত পেলোৱাৰ সুযোগ আছে আৰু  মই সেইটোৱে বিচাৰো।

চীন ভ্ৰমনৰ শেষত পুটিনে কয়, যদি আলোচনাৰ মাজেৰে যুদ্ধ শেষ নকৰে তেন্তে মই বলপূৰ্বকভাৱে শেষ কৰিবলৈও সাজু আছো। আমাৰ লক্ষ্য স্পষ্ট। যদি ইউক্ৰেইন আলোচনালৈ আহে, তেন্তে আমি যুদ্ধক্ষেত্ৰত শক্তিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিম।

বেইজিঙত সংবাদ মাধ্যমৰ আগত পুটিনে কয়, ‘মই ভাবো যে যদিহে জ্ঞানৰ ব্যৱহাৰ কৰা হয়, তেন্তে এই যুদ্ধৰ অন্ত পেলাবলৈ গ্ৰহণযোগ্য সমাধানৰ ওপৰত একমত হোৱাটো সম্ভৱ হ’ব। এইটো মোৰ অনুমান। 

তেওঁ লগতে কয় যে, তেওঁ মস্কোত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক সাক্ষাৎ কৰিবলৈ সাজু, কিন্তু আলোচনা সুপ্ৰস্তুত আৰু ফলাফলদায়ক হ'ব লাগিব।আনহাতে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীয়ে এই ধাৰণাটোক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰিছে।

উল্লেখ্য যে, জেলেনস্কিয়ে ৱাশ্বিংটন আৰু ইউৰোপীয় মিত্ৰ দেশসমূহক ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা কঠোৰ কৰিবলৈ আহ্বান জনাইছে। 

ভ্লাদিমিৰ পুটিন