/asomiyapratidin/media/media_files/2025/12/13/fsdsdsdsdsd-2025-12-13-20-11-43.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "শ্ৰীমন্ত শংকৰদেৱৰ ভেটিত কোনো অচিনাকি লোকে হাত দিলে তেওঁক ক্ষমা কৰা নহব। কোনোবাই যদি ওচৰে পাজৰে বেদখল কৰি আছে তেওঁলোক এতিয়াই আতৰি দিয়া ভাল।" এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰীকাৰ।
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কামকাজৰ বুজ লবলৈ উপস্থিত হৈ এই প্ৰকল্প মুকলি কৰিবলৈ অহা ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহ আহিব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ "কংগ্ৰেছ দলক সমালোচনা কৰি কংগেছ দলে অসমৰ অবস্থা বেয়া কৰিছিল, পুনৰ বেয়া কৰাৰ চিন্তা কৰি আছে" বুলি মন্তব্য প্ৰকাশ কৰে।
উল্লেখ্য যে, ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ ৰাইজৰ বাবে মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।
অমিত শ্বাহৰ আগমনৰ পূৰ্বে আজি বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মন্ত্ৰী পিযুষ হাজৰিকা, কেশৱ মহন্ত , বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাস উপস্থিত হয়। তেওঁলোকে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে লোকনিৰ্মাণ বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/captureddd-2025-12-13-20-11-20.jpg)
গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। নগাঁও বটদ্ৰৱা সমষ্টি, ৰহা সমষ্টি, বঢ়মপুৰ সমষ্টি, জাগীৰোড সমষ্টি, কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকিব বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আতাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ (auditorium), খোলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাট ঘৰকে আদি কৰি এই নিৰ্মাণ সমূহ সম্পূৰ্ণ হোৱাৰ পথ।
বটদ্ৰৱা প্ৰকল্পত ওম কনষ্ট্ৰাকছনৰ তত্বাৱধানত নিৰ্মাণ হৈ থকাৰ ওপৰিও থলুৱা গছ গছনি ৰোপণ কৰি প্ৰকৃতিকভাবে সুন্দৰ কৰা প্ৰচেষ্টা লোৱা হৈছে। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান খনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত কৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত প্ৰায় ২০০ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এই বৃহৎ "বটদ্ৰৱা প্ৰকল্প" ভাগক লৈ বহুত আশাবাদী বটদ্ৰৱা তথা নগাঁৱৰ ৰাইজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us