/asomiyapratidin/media/media_files/2026/03/01/3-2026-03-01-17-40-45.jpg)
ডিজিটেল ডেস্কঃ পুনৰ আন এক ৰক্তক্ষয়ী যুদ্ধৰ দামামা। সমগ্ৰ বিশ্ববাসীৰ নখ দৰ্পনত ইৰান-ইজৰাইলৰ যুদ্ধ।ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে ডুবাই, আবুধাবি, বাহৰেইন আদিত কৰা আক্ৰমণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2026-03-01-17-37-10.jpeg)
মধ্যপ্ৰাচ্যত আকাশমাৰ্গ বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দেশে বিমান সেৱা বাতিল কৰে। ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে মধ্যপ্ৰাচ্যৰ এনে পৰিস্থিতিৰ ফলত ভাৰতীয় বিমান সংস্থাসমূহে ৭০০ৰো অধিক বিমান বাতিল কৰিছে।
উল্লেখ্য যে, বিমান সংস্থাৰ সমন্বয় আৰু টাৰ্মিনেলৰ ভিৰ ব্যৱস্থাপনা আদি তীক্ষ্ণ নিৰীক্ষণ কৰা হৈছে। ইপিনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিবৃতিযোগে উল্লেখ কৰিছে যে- বিমান সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে য'তেই প্ৰয়োজন হয় বিশ্বব্যাপী সুৰক্ষা প্ৰট'কল আৰু প্ৰতিষ্ঠিত আকস্মিক পৰিকল্পনা পদ্ধতিৰ অনুসৰি কঠোৰভাৱে বিমান সেৱাৰ সময়মতে নতুন পথ বা পথ সলনি নিশ্চিত কৰিবলৈ। দূতাবাসে যাত্ৰীসকলক নিজ নিজ বিমান সংস্থাই জাৰি কৰা আপডেটসমূহ মানি চলিবলৈ আহ্বান জনাইছে।মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ পাছতে শনিবাৰে ডি জি চি এই বিমান সংস্থাসমূহক ইৰাণ, চৌদি আৰব, ইউ এ ইকে ধৰি ১১ খন দেশৰ আকাশমাৰ্গ ২ মাৰ্চলৈকে ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us