/asomiyapratidin/media/media_files/2025/11/28/1-2025-11-28-16-49-57.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ পুত্ৰই পিতৃৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ততাতৈয়াকৈ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। দৰাচলতে আফগানিস্তানৰ এটা সংবাদমাধ্যমে আদালিয়া কাৰাগাৰৰ জিম্মাত থকা অৱস্থাত প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ মৃত্যু হোৱা বুলি কৰা দাবীৰ পাছতে ইমৰান খান কাৰাগাৰত কুশলে থকা নথকাক লৈ অনিশ্চয়তা অব্যাহত আছে।
এই দাবীৰ প্রতিক্রিয়া স্বৰূপে ইমৰান খানৰ পুত্র কাচিম খানে তেওঁৰ পিতৃ জীয়াই আছে নে নাই সেই কথা শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। তাৰোপৰি ইমৰান খানক শীঘ্রে মুকলি কৰি দিয়াৰো দাবী জনাই কাচিম খানে।
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত দিয়া এটা বার্তাত কাচিম খানে বৃহস্পতিবাৰে কয় যে ইমৰান খানক কাৰাগাৰলৈ প্ৰেৰণ কৰা ইতিমধ্যে ৮৫০ দিন উকলি গৈছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে যোৱা ছসপ্তাহ ধৰি ইমৰান খানক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হোৱা নাই।
কেৱল সিমানে নহয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ডেথ চেলত ৰখা হৈছে বুলিও কাচিম খানে অভিযোগ কৰিছে। এনে ধৰণৰ গোপনীয়তা কোনো নিৰাপত্তাৰ খাতিৰত নহয় বৰং ইমৰান খানৰ প্রকৃত অৱস্থা লুকুৱাই ৰখাৰ লগতে পৰিয়ালৰ সৈতে যোগাযোগ বন্ধ কৰাৰ বাবে ইচ্ছাকৃতভাৱে অৱলম্বন কৰা হৈছে বুলি কাচিম খানে অভিযোগ কৰে।
২০২৩ চনৰ আগষ্টৰ পৰা তেওঁক বিভিন্ন গোচৰত অভিযুক্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা কার্যও ৰাজনৈতিক উদ্দেশ্য প্রণোদিত বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। সেয়ে কাচিমে লগতে কয় যে, এই অমানৱীয় আছুতীয়া অৱস্থাৰ যিকোনো পৰিণতিৰ বাবে পাকিস্তানী চৰকাৰ আৰু তেওঁলোকৰ নিয়ন্ত্ৰণকাৰীসকল আইনগত, নৈতিক আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব।
আনহাতে, আদিয়ালা জেল কৰ্তৃপক্ষ আৰু পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কাচিম খানৰ অভিযোগসমূহ অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰিছে যে, ইমৰান খান সম্পূৰ্ণ সুস্থ হৈ আছে। তেওঁক উপযুক্ত চিকিৎসা সেৱা আৰু অন্যান্য সুবিধা প্ৰদান কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us