নুমলীগড়ত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মুক্ত বিচৰণ

নুমলীগড় শোধনাগাৰৰ সমীপৰ লেটেকুজান চাহ বাগিচাত আশ্ৰয় লোৱা এটা বন্যহস্তীৰ জাকৰ মাজত এজনী আঘাতপ্ৰাপ্ত হাতী খেদিবলৈ পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-31 at 1.03.55 PM

ডিজিটেল সংবাদ, বোকাখাতঃ নুমলীগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । কেৱল কৃষি পথাৰেই নহয় ইয়াৰ আবাসিক এলেকাসমূহতো দিনে ৰাতিয়ে বন্যহস্তীৰ বিচৰণ কৰা, আৱাসগৃহ ধ্বংস কৰা ইত্যাদি নিত্যনৈমিত্তিক ঘটনালৈ পৰিণত হৈছে।

তেনে প্ৰেক্ষাপটত গোলাঘাট জিলা বন বিভাগে হাতী মানুহৰ সংঘাতৰ সমস্যা সমাধানৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও কানসাৰ কৰা নাই বিভাগটোয়ে। ফলত কিছু অতিষ্ঠ জনসাধাৰণ বন্যহস্তীৰ প্ৰতি আক্ৰমণাত্মক হৈ উঠিছে আৰু মানুহৰ নিৰ্দয় আক্ৰমণত বন্যহস্তী আঘাটপ্ৰাপ্ত হোৱাৰ ঘটনা সংঘটিত হৈছে।

শেহতীয়াকৈ, নুমলীগড় শোধনাগাৰৰ সমীপৰ লেটেকুজান চাহ বাগিচাত আশ্ৰয় লোৱা এটা বন্যহস্তীৰ জাকৰ মাজত এজনী আঘাতপ্ৰাপ্ত হাতী খেদিবলৈ পোৱা গৈছে। হাতীজনীৰ পেট আৰু ভৰিত কোনো হিংসুক লোকে কৰা গভীৰ আঘাট স্পষ্ট। সন্দেহ কৰা হৈছে কোনো লোকে চোকা অস্ত্ৰ অথবা জুইৰে আক্ৰমণ কৰাৰ ফলত আঘাটপ্ৰাপ্ত হৈছে হাতীজনী। অতি সোনকালে চিকিৎসা নকৰিলে হাতীজনীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে।

উল্লেখ্য যে, আঘাটপ্ৰাপ্ত হৈছে হাতীজনীৰ লগত এটি পোৱালীও থকাৰ কথা জানিবলৈ দিছে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে। হাতীজনীৰ সোনকালেই চিকিৎসা কৰিবলৈ গোলাঘাট জিলা বন বিভাগৰ প্ৰতি আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীয়ে।

বনৰীয়া হাতী হাতীৰ উপদ্ৰৱ হাতী -মানুহৰ সংঘাত