ছিমলা আন্তঃর্জাতিক চলচ্চিত্র মহোৎসৱলৈ নম্রতা দত্তৰ লক্ষহীৰা...

ছিমলাত অনুষ্ঠিত হ'বলগীয়া একাদশ সংখ্যক আন্তঃর্জাতিক চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শিতানৰ বাবে নির্বাচিত হৈছে নম্রতা দত্তৰ প্রযোজিত আৰু পৰিচালিত তথ্যচিত্র 'লক্ষহীৰা'।

author-image
Asomiya Pratidin
New Update
HGHGHGH

ডিজিটেল সংবাদ, গুৱাহাটী: অহা ৫ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ ছিমলাত অনুষ্ঠিত হ'বলগীয়া একাদশ সংখ্যক আন্তঃর্জাতিক চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শিতানৰ বাবে নির্বাচিত হৈছে নম্রতা দত্তৰ প্রযোজিত আৰু পৰিচালিত তথ্যচিত্র 'লক্ষহীৰা'।

853988405
ডঃ লক্ষহীৰা দাস

 অসমৰ বিশিষ্ট শিক্ষাবিদ, লেখক আৰু সংগীতশিল্পী ডঃ লক্ষহীৰা দাসৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই তথ্যচিত্রখনে ইতিমধ্যে কেইবাটিও চলচ্চিত্র মহোৎসৱত অংশগ্ৰহণ কৰি পুৰস্কৃত হ'বলৈ সক্ষম হৈছে।

শেহতীয়াকৈ ছবিখনে ছত্তিচগড়ৰ ৰোছনী ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ তথ্যচিত্রৰ বঁটা লাভ কৰিছে। ছবিখনক লৈ আশাবাদী নিৰ্মাতাৰ লগতে কলা-কুশলীসকল। 

লক্ষহীৰা দাস