নগাঁৱৰ কৰৈয়নীত ডাম্পাৰৰ দৌৰাত্ম‍্যত অতীষ্ঠ ৰাইজ

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম্য। তীব্ৰবেগী ডাম্পাৰৰ বাবে নিতৌ ৰাজপথত সংঘটিত হৈ আহিছে দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ ৰাজ্যত কেতিয়া অন্ত পৰিব ডাম্পাৰৰ ত্ৰাস? মৃত্যুদূতৰূপী ডাম্পাৰৰ ভয়ত সৰ্বসাধাৰণ ৰাইজৰ পেঁপুৱা লগা অৱস্থা। চৰকাৰ-প্ৰশাসনৰ নীতি নিয়মক কেৰেপ নকৰা ডাম্পাৰ চালকক নাকী লগাব কোনে? দুৰন্ত ডাম্পাৰক কোনে নিয়ন্ত্ৰণ কৰিব? এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। 

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম্য।তীব্ৰবেগী ডাম্পাৰৰ বাবে নিতৌ ৰাজপথত সংঘটিত হৈ আহিছে দুৰ্ঘটনা।বহুতে প্ৰাণ হেৰুৱাইছে আৰু চিৰদিনৰ বাবে ঘূণীয়াও হ'বলগীয়াও হৈছে। তথাপিও কাণষাৰ নাই প্ৰশাসনৰ । এইবাৰ নগাঁৱৰ কৰৈয়নীত ডাম্পাৰৰ দৌৰাত্ম‍্য।দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু গো- ধনৰ।বিগত এটা মাহত কেইবাটাও পশুৰ মৃত্যু ঘটিছে ডাম্পাৰৰ খুন্দাত।

উল্লেখ্য যে, স্থানীয় ৰাইজে নিশাই আৱদ্ধ কৰিলে ডাম্পাৰ সমূহ। ডাম্পাৰ চালক সকলে নামানে কোনো যান-বাহন আইন। দিনে নিশাই ডাম্পাৰৰ চলাচলে অতিষ্ঠ কৰিছে এতিয়া স্থানীয় ৰাইজক। লগতে চকু মুদা কুলিৰ ভাওত নগাওঁ জিলা প্ৰশাসন। ইপিনে নিশা ডাম্পাৰ চলাচলৰ সুযোগ গ্ৰহণ কৰি অঞ্চলটোত গৰু চুৰৰ লগতে বিভিন্ন অসৎ কাম চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই ঘটনাৰ পাছত প্ৰসাশনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। 

নগাওঁ