/asomiyapratidin/media/media_files/2026/02/23/xsxzxzxzxx-2026-02-23-21-49-07.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ জ্যেষ্ঠ সাংবাদিক শ্বেইখ বদৰুজ্জামান ফিৰদৌছীৰ আজি কিছুসময় পূৰ্বে দেহাবসান ঘটে। দীৰ্ঘদিন ধৰি তেওঁ কেইবাটাও ৰোগত আক্ৰান্ত আছিল বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-image-2026-02-23-21-46-26.jpeg)
উল্লেখযোগ্য যে, সেখ বদৰুজ্জামান ফিৰদৌছীয়ে দীৰ্ঘদিন ধৰি হাটশিঙিমাৰী মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক হিচাপে কৰ্তব্য পালন কৰাৰ লগতে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ৰূপেও সুদীৰ্ঘ সময় ধৰি সেৱা আগবঢ়াই আহিছিল। অসমীয়া প্ৰতিদিনৰ আৰম্ভণিৰে পৰাই তেওঁ সাংবাদিকতাৰ সৈতে জড়িত আছিল। লগতে তেওঁ এন ই টিভি আৰু প্ৰতিদিন টাইমতো কৰ্মৰত আছিল। তেওঁৰ এই অকাল বিয়োগত সমগ্ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গভীৰ শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us