জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত কেইটামান দিন বাকী ৷ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে অধিৱেশনৰ প্ৰস্তুতি।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-29 at 4.21.38 PM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত কেইটামান দিন বাকী ৷ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে অধিৱেশনৰ প্ৰস্তুতি। ব্যস্ত হৈ পৰিছে অনাময়, পানী যোগান আঁচনিৰ লগত জড়িত লোকসকলো। অধিৱেশনস্থলীত ১৫০০ স্নানাগাৰ, ১৫০০ শৌচাগাৰৰ ব্যৱস্থা। 

ইয়াৰোপৰি চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি ৫০ গৰাকী চাফাই কৰ্মী নিতৌ ব্যস্ত হৈ থাকিব চাফাই কৰ্মত ৷ ইপিনে পানীযোগান উপ সমিতিয়ে ভকতসকলে শিৱিৰসমূহত পানীৰ সুবিধা পোৱাৰ বাবে তিনিটাকৈ পাইপ লাইনৰ ব্যৱস্থা কৰাৰ লগতে তিনি শতাধিক দমকল ফিল্টাৰ ৰিজাৰ্ভাৰ ৰাণিং ৱাটাৰ আদিৰো ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, প্ৰতিখন উপসমিতিৰ লগত জড়িত সেৱকসকল নিজ নিজ কামত জপিয়াই পৰা দেখা গৈছে ৷ ইয়াৰ মাজতে জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলীত জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পুৱা  শ্ৰমদান কাৰ্যসূচীত নিয়োজিত হৈ চাফাই অভিযান চলায় দ্বাদশ অসম আৰক্ষী বাহিনীৰ শতাধিক জোৱানে ৷ এই শ্ৰমদান কাৰ্যসূচীৰ নেতৃত্ব লয় দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক কমল কুমাৰ গুপ্তাই।

জামুগুৰিহাট