জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জামুগুৰিহাটত আৰম্ভ কৰিব বিনামূলীয়া সংগীত প্ৰশিক্ষণ কেন্দ্ৰ

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰাণৰ শিল্পী গৰাকীৰ গীত সমূহৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ ওলাই আহিছে জামুগুৰিহাটৰ কণ্ঠশিল্পী পাৰ্থ প্ৰিয়ম। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ সংগীত অনুৰাগীসকলৰ বাবে এক সুখবৰ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতক মূল বিষয় হিচাপে লৈ জামুগুৰিহাটত আৰম্ভ  কৰিব এক বিনামূলীয়া সংগীত প্ৰশিক্ষণ কেন্দ্ৰ।

উল্লেখযোগ্য যে , জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থ প্ৰিয়মে তেওঁৰ MELODYWAVE SVHOOL OF MEDIA ARTS ষ্টুডিঅ'ৰ উদ্যোগত গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰাণৰ শিল্পী গৰাকীৰ গীত সমূহৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ ওলাই আহিছে জামুগুৰিহাটৰ কণ্ঠশিল্পী পাৰ্থ প্ৰিয়মে। 

এই বিনামূলীয়াকৈ প্ৰশিক্ষণ ১১ জানুৱাৰীৰ পৰা আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হ'ব আৰু ইয়াৰ পাছত প্ৰতি দেওবাৰে সংগীতৰ শ্ৰেণী সমূহ  জামুগুৰিহাটৰ নদুৱাৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ'ব । সংগীতৰ প্ৰতি আগ্ৰহী সকলক এই বিনামূলীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাই । অধিক তথ্যৰ বাবে ৮৬৩৮৮৬০২৬১ নম্বৰত যোগাযোগ কৰিবলা আহ্বান জনাইছে। 

WhatsApp Image 2026-01-07 at 11.42.58 AM

জামুগুৰিহাট