আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকনত ইৰানৰ আক্ৰমণ

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।  

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।  ইয়াৰ মাজতে আমেৰিকাৰ নৌসেনাৰ বিমান পৰিবাহী জাহাজ 'ইউ এছ এছ আব্ৰাহাম লিংকন'ক চাৰিটা বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে। ইৰানৰ আৰব সাগৰৰ উপসাগৰত নিয়োজিত 'ইউ এছ এছ আব্ৰাহাম লিংকন' হৈছে মূলত শক্তিশালী-অত্য়াধুনিক বিমান পৰিবাহী জাহাজ। এইখনেই সেইখন যুদ্ধ জাহাজ যিখনক আমেৰিকাই ইৰাণক আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰিছিল।

WhatsApp Image 2026-03-02 at 11.01.44 AM

এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰা হয় যে- ইৰানৰ সামৰিক ব্যৱস্থা আৰু আমেৰিকা-ইজৰাইলে ইৰানৰ বিৰুদ্ধে চলোৱা আক্ৰমণৰ পাছত আমেৰিকাৰ সামৰিক বিমান পৰিবাহী জাহাজ আব্ৰাহাম লিংকনত চাৰিটা বেলিষ্টিক মিছাইলৰ দ্বাৰা আক্ৰমণ চলোৱা হয়। ইয়াৰ লগতে এক সকিয়নী প্ৰদান কৰা হয় যে, স্থল আৰু সমুদ্ৰপথ ক্ৰমান্বয়ে সন্ত্ৰাসবাদী আক্ৰমণকাৰীৰ কবৰস্থানত পৰিণত হ'ব ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ইৰানে দাবী কৰে এই আক্ৰমণ বিগত ২৮ ফেব্ৰুৱাৰীত দেশখনৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে কৰা বৃহৎ আক্ৰমণৰ প্ৰতিশোধৰ অংশ ৷ সেই আক্ৰমণৰ ফলত ইৰানৰ শীৰ্ষ নেতা আলী খামেইনীৰ মৃত্যু ঘটিছিল । ইয়াৰ পাছত ইৰানে আমেৰিকাৰ কেইবাটাও ঘাটি(বাহৰেইন, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহী, ইৰাক আদিত) আৰু ইজৰাইলৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰ প্ৰয়োগৰ লগতে ড্ৰোণ আক্ৰমণ চলায় ।

প্ৰণিধানযোগ্য যে- উপসাগৰীয় এলেকাত থকা বিমান পৰিবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকনত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা ইৰানৰ দাবীক পেণ্টাগনে নাকচ কৰিছে ৷  এই ক্ষেত্ৰত আমেৰিকাৰ মুখ্য় কমাণ্ডে উল্লেখ কৰিছে যে, আব্ৰাহাম লিংকনক লক্ষ্য কৰি লোৱা হোৱা নাছিল । নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইয়াৰ কাষ চাপিবলৈয়ে নাপালে। অৱশ্যে ইয়াৰ সৈতে জড়িত কোনো ফটো বা ভিডিঅ' বৰ্তমানলৈকে সামাজিক মাধ্যমত উপলব্ধ নাই ৷

আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকন