ভাৰতৰ ফৰেক্স ৰিজাৰ্ভ ৬৯৫.১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি...

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) শুক্ৰবাৰে প্ৰকাশি কৰা তথ্য অনুসৰি, ১৫ আগষ্টত সপ্তাহজুৰি দেশৰ বৈদেশিক মুদ্ৰা ভঁৰাল (Forex Reserves) ১.৪৮ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৯৫.১০ বিলিয়ন ডলাৰত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) শুক্ৰবাৰে প্ৰকাশি কৰা তথ্য অনুসৰি, ১৫ আগষ্টত সপ্তাহজুৰি দেশৰ বৈদেশিক মুদ্ৰা ভঁৰাল (Forex Reserves) ১.৪৮ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৯৫.১০ বিলিয়ন ডলাৰত উপনীত হৈছে।

Advertisment

তথ্য অনুসৰি, বৈদেশিক মুদ্ৰা ভঁৰালত মূখ্য অৱদান থকা বিদেশী মুদ্ৰা সম্পদ (Foreign Currency Assets) ১.৯২ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৫৮৫.৯০ বিলিয়ন ডলাৰ হৈছে। আৰ বি আইয়ে প্ৰকাশ কৰা তথ্য় মতে, এই সপ্তাহটোত সোণৰ মজুত ২.১৬ বিলিয়ন ডলাৰ হ্ৰাস পাই ৮৬.১৬ বিলিয়ন ডলাৰ হৈছে। ইফালে, আই এম এফৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ পজিচন ৰিপ’ৰ্ট সপ্তাহত ১৫ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৪.৭৫ বিলিয়ন ডলাৰ হৈছে।

উল্লেখযোগ্য যে, ২০২৪ চনৰ ছেপ্তেম্বৰ মাহৰ অন্তিমত ভাৰতৰ বৈদেশিক মুদ্ৰা ভঁৰালে সৰ্বোচ্চ শীৰ্ষ ৭০৪.৮৮৫ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছিল। সাধাৰণতে আৰ বি আইয়ে টকাৰ মূল্যৰ তীব্ৰ হ্ৰাস ৰোধ কৰাৰ লক্ষ্যৰে সময়ে সময়ে ডলাৰ বিক্ৰীকে ধৰি লিকুইডিটি ব্যৱস্থাপনাৰ জৰিয়তে বজাৰত হস্তক্ষেপ কৰে। আৰ বি আইয়ে বৈদেশিক মুদ্ৰাৰ বজাৰসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰে আৰু কোনো পূৰ্বনিৰ্ধাৰিত লক্ষ্য স্তৰ বা বেণ্ডৰ উল্লেখ নকৰাকৈ বিনিময় হাৰৰ অত্যধিক অস্থিৰতা নিয়ন্ত্ৰণ কৰি বজাৰৰ অৱস্থা শৃংখলাবদ্ধ বজাই ৰাখিবলৈ কৰে এই হস্তক্ষেপ ।

বৈদেশিক মুদ্ৰাৰ মজুত