/asomiyapratidin/media/media_files/2025/12/06/cac9c9ac-3224-43a1-adf3-390813ade7d4-1-2025-12-06-16-37-08.jpeg)
২০বছৰতে ভাৰতৰ লগতে বিদেশৰ অধিকাংশ বিমান যাত্ৰীৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হোৱা ইণ্ডিগ' ডুবিব নেকি! ৩দিনত ১৫০০ৰো অধিক বিমান বাতিল কৰা ব্যক্তিগত বিমান প্ৰতিষ্ঠানটোলৈ এনে অচলাৱস্থা আহিল কেনেকৈ? ক'ত ভুল কৰিলে ইণ্ডিগ'ই। এয়াৰ ইণ্ডিয়াতকৈ দুগুণ বিমান যাত্ৰাৰ সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানটোৰ অচলাৱস্থাৰ আভ্যন্তৰীণ কাৰকবোৰ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
দেশৰ বিমান পৰিবহন ক্ষেত্ৰত এতিয়া অভাৱনীয় পৰিস্থিতি। ভাৰতৰ বিমান পৰিবহনত সৰ্বাধিক আধিপত্য থকা ইণ্ডিগ’ই একেদিনাই ৪০০ৰো অধিক বিমান বাতিল কৰাৰ দৰে ঘটনাই স্বাভাৱিকতে হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতবৰ্ষত সৰ্বাধিক বিমান চলে ইণ্ডিগ’ৰ। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত প্ৰতিদিনে ইণ্ডিগ’ই প্ৰায় ২৭০০ৰো অধিক বিমান যাত্ৰা পৰিচালিত কৰে। ইণ্ডিগ’ৰ তুলনাত এয়াৰ ইণ্ডিয়াৰ দৈনিক বিমান যাত্ৰাৰ সংখ্যা প্ৰায় আধা।
অইন বিমানতকৈ কম দৰৰ টিকট আৰু অতি সঘনাই বিমান চলাচলৰ বাবে বিগত ২০বছৰত বিমান সেৱাৰ ক্ষেত্ৰখনত অপ্ৰতিৰোধ্য হৈ উঠিছিল ইণ্ডিগ’। কিন্তু যোৱা কেইটামান বছৰৰ পৰা এই বিমান এজেন্সীটোৰ কিছুমান কৰ্মকাণ্ডই নিৰাশ কৰিছে যাত্ৰীসকলক।
ইণ্ডিগ’ৰ এনে অচলাৱস্থাৰ বিষয়ে আমি আলোচনা কৰাৰ পূৰ্বে জানো আহক এই বিমান কোম্পানীটোৰ মালিক কোন। ইণ্ডিগ’ৰ মালিক দুগৰাকী। ২০০৫চনত ৰাকেশ গঙ্গৱাল আৰু ৰাহুল ভাটিয়াই আৰম্ভ কৰিছিল এই ব্যক্তিগত বিমান পৰিবহনৰ কোম্পানীটো।
২০০৫চনত আৰম্ভ হোৱা ইণ্ডিগ’ই বিমান যাত্ৰা আৰম্ভ কৰিছিল ৪আগষ্ট, ২০০৬চনত। দিল্লীৰ পৰা গুৱাহাটী হৈ ইম্ফলৰ লৈকে প্ৰথমটো যাত্ৰা কৰিছিল ইণ্ডিগ’ৰ বিমানে। ২০০৬চনৰ শেষৰ ভাগলৈকে মাত্ৰ ৬খন বিমানেৰে যাতায়ত অব্যাহত ৰাখিছিল ইণ্ডিগ’ই।
লাহে লাহে যাত্ৰীৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছিল এই বিমান পৰিবহন সংস্থাটোৱে। ২০১৪চনৰ লৈকে নিজে ক্ৰয় কৰা বিমানৰ সংখ্যা হৈছিল গৈ ১০০খন। বৰ্তমান ইণ্ডিগ’ৰ হাতত আছে ১৩৭খন বিমান। ইয়াৰে ৯৪খন ব্যৱহাৰ হয় ঘৰুৱা যাত্ৰা আৰু বাকী ৪৩খন ব্যৱহাৰ হয় আন্তৰাষ্ট্ৰীয় যাত্ৰাত।
২০২৫চনৰ শেষৰ তিনি মাহত ৩১.৯ মিলিয়ন লোকে যাত্ৰা কৰিছে ইণ্ডিগ’ৰ বিমানত। এয়া এক অভিলেখ। যাত্ৰীৰ এনে অভূতপূৰ্ব সহাঁৰি লাভ কৰাৰ পাছতো বিগত কিছু বছৰৰ পৰা ইণ্ডিগ’ত নঘটিবলগীয়া বহু ঘটনা ঘটি আছে, যাৰ বাবে নিৰাশ হৈছে বহু যাত্ৰী।
কেতিয়াবা যদি ১২ঘন্টা পলমকৈ পাইলট আহে, কেতিয়াবা যাত্ৰী উঠাৰ পিছত নিৰ্ধাৰিত সময়তকৈ ঘন্টা ঘন্টা জুৰি পলমকৈ উৰা মাৰে বিমান। এনেবোৰ ঘটনা ইণ্ডিগ’ত ঘটিয়েই আছিল। কিন্তু শেহতীয়াকৈ হঠাতে যেন ইণ্ডিগ’ত এক ভয়ংকৰ বৰভূইকপঁহে আহিল।
যাত্ৰীৰ সহাঁৰিয়ে এদিন অভিলেখ সৃষ্টি কৰা ইণ্ডিগ’ই দেশৰ বিমান পৰিবহনক অচল অৱস্থাৰ সৃষ্টি কৰি এদিনতে ৪শতাধিক বিমান বাতিল কৰি অভিলেখ সৃষ্টি কৰিলে। বিমান বন্দৰবোৰত হাঁহাকাৰ অৱস্থা। ইণ্ডিগ’ৰ এনে ভয়ংকৰ সংকটে প্ৰতিষ্ঠানটোৰ ভৱিষ্যত জীৱনৰ লগতে লক্ষাধিক জনৰ জীৱনলৈও নমাই আনিলে অন্ধকাৰ।
ইমান সুন্দৰকৈ চলি থকা বিমান পৰিবহন সংস্থাটোলৈ কিয় হঠাতে নামি আহিল এনে সংকট? ইয়াৰ আঁৰতো আছে বহু কাৰণ। এয়া এদিনতে নামি অহা সংকট নহয়। বহুদিন ধৰি পঞ্জীভূত হৈ থকা ক্ষোভৰ যেন এয়া বহিঃপ্ৰকাশহে।
বিগত কেইটামান বছৰৰ পৰা ইণ্ডিগ’ই চৰকাৰী কিছু নিয়ম অমান্য কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ ওপৰতো একপ্ৰকাৰৰ মানসিক নিৰ্যাতন চলাই আহিছিল। পাইলটৰ জিৰণি আৰু কৰ্তব্যৰ সময়ৰ বাবে নতুন নিয়ম— ফ্লাইট ডিউটি টাইম লিমিটেচন চমুকৈ এফডিটিএল প্ৰযোজ্য হোৱা নাছিল ইণ্ডিগ’ত। যাৰ বাবে বহু পাইলটে বাধ্যতামূলক অৱসৰ ল’ব লগা হৈছিল ইণ্ডিগ’ৰ পৰা। বিগত প্ৰায় দুটা বছৰ এই বিষয়ক লৈ প্ৰতিষ্ঠানটোৰ ভিতৰত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈছিল।
কৰ্মচাৰীসকলৰ মানসিক অৱসাদ তথা ক্লান্তি দূৰ কৰাতকৈ তেওঁলোকৰ নিৰ্ধাৰিত বাজেট ৭০০০হাজাৰ কোটিত স্পৰ্শ কৰাতহে অধিক মনোনিৱেশ দিছিল প্ৰতিষ্ঠানটোৱে। যাৰ বাবে তেওঁলোকে জোখতকৈ অধিক বিমান যাত্ৰা আৰম্ভ কৰিছিল। এফালে ন ন বিমান যাত্ৰাৰ আৰম্ভণি আৰু আনফালে পাইলটৰ নাটনি। এনে ব্যৱস্থাই অৱশেষত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিলে।
ইণ্ডিগ’ত সৃষ্টি হোৱা এই অচলাৱস্থাক লৈ তেওঁলোকৰ কৰ্তৃপক্ষই জাৰি কৰিছে বিবৃতি। ইয়াতো তেওঁলোকে ওপৰত উল্লেখিত এইখিনি কথাৰ লগতে শীতকালৰ সৈতে জড়িত সময়সূচী, প্ৰতিকূল বতৰ আৰু বিমান সেৱাত বৃদ্ধি পোৱা যানযঁটৰ দৰে কাৰকৰ কথা উল্লেখ কৰিছে।
লক্ষ লক্ষ যাত্ৰীৰ বিমান যাত্ৰাত বাঘ্যাত জন্মোৱা ইণ্ডিগ’ৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। কেন্দ্ৰই প্ৰতিষ্ঠানটোক জৰিমনা বিহাৰ লগতে যাত্ৰীসকলৰ টিকটৰ দাম উভতাই দিয়া আৰু অতি সোনকালে বিমান যাত্ৰাক সুচল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ মুৰব্বী ফৈজ কিডৱাইৰ সৈতে হোৱা বৈঠকত ইণ্ডিগোৰ শীৰ্ষ বিষয়াসকলে বৰ্তমানৰ পৰিস্থিতিৰ বাবে ভুল সিদ্ধান্ত আৰু পৰিকল্পনাৰ অভাৱৰ কথা অৱগত কৰিছে। লগতে তেওঁলোকে চৰকাৰক জনাইছে যে, অহা ৭ ডিচেম্বৰ পিছৰে পৰা পৰিস্থিতি সুস্থিৰ হ’ব।
এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আগন্তুক ২০২৬ৰ ১০ফেব্ৰুৱাৰীৰ লৈকে ইণ্ডিগ’ই নৈশ যাত্ৰাৰ ক্ষেত্ৰত ৰেহাই বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। এইখিনিতে উল্লেখ কৰিব লাগিব যে, ২০২৫বৰ্ষত ১ডিচেম্বৰৰ লৈকে ইণ্ডিগ’ত ১১৮মিলিয়ন যাত্ৰীয়ে যাত্ৰা কৰিছে আৰু ইয়াৰ উপাৰ্জন হৈছে ৮০,৮০৩কোটি টকা।
যদিহে ইণ্ডিগ’ই এই সমগ্ৰ ব্যৱস্থাটো পুনঃগঠন নকৰি পূৰ্বৰ দৰেই কাম কাজ অব্যাহত ৰাখে তেন্তে ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আগদজাননী দিছে বিশ্লেষকসকলে। ২০২৫ৰ ডিচেম্বৰ মাহৰ ৩ডিচেম্বৰত ১০০খন বিমান, ৪ ডিচেম্বৰত ৫৫০খন বিমান আৰু ৫ ডিচেম্বৰত ৭৫০ৰো অধিক বিমানৰ যাত্ৰা বাতিল কৰিছে।
২০২৫ৰ নৱেম্বৰ মাহতো ইণ্ডিগ’ৰ ১২৩২খন বিমান বাতিল কৰিছিল ইণ্ডিগ’ই। ইয়াৰ ভিতৰত ৭৫৫খন বিমান ক্ৰু মেম্বাৰ আৰু পাইলটৰ অনিয়মীয়াৰ বাবে বাতিল কৰিব লগা হৈছিল বুলি সদৰি কৰিছে প্ৰতিষ্ঠানটোৱে। ইণ্ডিগ’ৰ এনে কাৰ্যকলাপৰ ধাৰাবাহিকতা অব্যাহত থাকিলে আগন্তুক সময়ত দেশৰ বিমান সেৱাত ইতিহাস হৈ পৰিব অতি কম সময়তে সফলতা লাভ কৰা এই বিমান পৰিবহন প্ৰতিষ্ঠানটো...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us