/asomiyapratidin/media/media_files/2025/12/04/whatsapp-i-2025-12-04-16-20-08.jpeg)
ডিজিটেল সংবাদ,লখিমপুৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প উৎপাদনৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবলৈ এন এচ পি চি য়ে ককালত টঙালি বান্ধিছে যদিও খোজে খোজে উজুতি খাইছে ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চমুকৈ এন এচ পি চি । বিভিন্ন বেমেজালি আৰু ক্ৰুটিৰে নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি উৎপাদন সম্পন্ন এই নদীবান্ধটো আৰম্ভ হ'লেও বৰ্তমান ২৫০ মেগাৱাটৰ অধিক বিদ্যুৎ উৎপাদন কৰিব নোৱাৰে।
কিয়নো ইয়াৰে ৮ টা ইউনিটৰ ভিতৰত যি ৪ টা ইউনিট আছে তাৰেই প্ৰথমটো টাৰ্বাইনৰ ৰটাৰৰ বিয়েৰিং ভগাৰ ফলত সেয়া বিকল হৈ আছে। ইফালে টালি-টোপোলা মাৰি কোনোমতে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা এই নদীবান্ধটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰাই উদ্বোধন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল।
কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ে নদীবান্ধটো সন্দৰ্ভত আই বিৰ পৰা লাভ কৰা প্ৰতিবেদনৰ তথ্যৰ ভিত্তিত উক্ত জলবিদ্যুৎ প্ৰকল্পটো প্ৰধানমন্ত্ৰীৰ দ্বাৰাই উদ্বোধন কৰিবলৈ সেউজ সংকেট প্ৰদান কৰা নাই। আই বিয়ে দিয়া প্ৰতিবেদনত সকলোবোৰ বিসংগতি উল্লেখ থকাত প্ৰধানমন্ত্ৰীয়ে এই নদীবান্ধটো উদ্বোধন কৰিবলৈ ক্লিনশ্বিট প্ৰদান নকৰাত এতিয়া বিবুদ্ধিত পৰিছে এন এচ পি চি কৰ্তৃপক্ষ।
২০০০ মেগাৱাটৰ এই নদীবান্ধটো নিৰ্মাণৰ বাবে ইতিমধ্যে ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় কৰা হৈছে। পানীৰ দৰে ধন ব্যয় কৰিও নামনি সোৱণশিৰিৰ এই নদীবান্ধ নিখুঁতভাৱে নিৰ্মাণ কৰিব নোৱাৰাৰ আঁৰতো আছে বহু কেলেংকাৰী আৰু প্ৰকৃতিগত কাৰণ।
এই নদীবান্ধটো নিৰ্মাণ কৰা গেৰুকামুখ পাহাৰৰ মাটি নদীবান্ধ নিৰ্মাণৰ বাবে কোনো কাৰণতে অনুকূল নহয়। ভূমিকম্প প্ৰৱণ উক্ত অঞ্চলত এনে বৃহৎ নদীবান্ধ নিৰ্মাণ নকৰিবলৈ বিশেষজ্ঞ সকলেও সকিয়াই দিছিল।এই সকলোবোৰ সাৱধানবাণী আঁওকাণ কৰি নদীবান্ধটো নিৰ্মাণ কৰা হ'ল যদিও বিসংগতি আঁতৰ নহ'ল।
বান প্ৰতিৰোধৰ বাবে মূলতঃ এই নদীবান্ধ নিৰ্মাণ কৰা কথা আছিল যদিও এই লক্ষ্য-উদ্দেশ্যৰ পৰা আঁতৰি আহিল এন এচ পি চি। তৃতীয় আৰু চতুৰ্থ ইউনিটটো আছে বহু কাৰিকৰী বিজুতি। সেয়েহে নদীবান্ধটোত বিদ্যুৎ উৎপাদন আৰম্ভ কৰিলেও প্ৰতি ইউনিট বিদ্যুতৰ ব্যয় যথেষ্ট বৃদ্ধি পাব।
এই বিদ্যুৎ কোনে ক্ৰয় কৰিব তাকলৈও স্পষ্ট নহয় এন এচ পি চি কৰ্তৃপক্ষ। বাৰিষা কালত এই নদীবান্ধটো পাহাৰৰ ভূমিস্খলন হোৱা নিয়মীয়া ঘটনাত পৰিণত হৈছে। এই সময়ছোৱাত নদীবান্ধটোৰ ৰিজাৰ্ভাৰত ২৪০ বিলিয়ন কিউবিক মিটাৰ পানী জমা হ'ব। কোনো কাৰণত সেই পানী নামনিলৈ বৈ আহিলে মুহূৰ্ততে ভিতৰতে উত্তৰ অসমত মহা প্ৰলয়ৰ সৃষ্টি কৰিব।
নামনি সোৱনশিৰি নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে এসময়ত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত হৈছিল যদিও ২০১৯ চনৰ পৰা এই নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ নিস্তেজ হৈ পৰে। কেৱল মাত্ৰ নিয়ম মাফিক প্ৰতিবাদ সাব্যস্ত কৰিয়েই নদীবান্ধৰ বিৰুদ্ধে বহু দল-সংগঠনে এতিয়া প্ৰতীকি প্ৰতিবাদহে অব্যাহত ৰাখিছে।
এতিয়া কথা হ'ল যি নদীবান্ধ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰধানমন্ত্ৰীক বাধা দিছে, পোলেণ্ডৰ পৰা অহা বিশেষজ্ঞই নদীবান্ধটোৰ কাৰিকৰী বিজুতি আঁতৰাব পৰা নাই, নদীবান্ধ বিশেষজ্ঞ সকলে যাক বিপদজনক আখ্যা দিছে সেই নদীবান্ধৰে উৎপাদন আৰম্ভ কৰবলৈ আগবাঢ়িছে এন এচ পি চি।
জনজীৱন, প্ৰকৃতি, জীৱকূলৰ ভৱিষ্যত বিপন্ন কৰি এন এচ পি চিয়ে কেৱল নিজৰ স্বাৰ্থতে এনে কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু ইয়াৰ পৰা যে ভয়ানক বিপদ হ'ব সেই কথা প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বুজিছে,বিশেষজ্ঞ সকলে বুজিছে কেৱল বুজা নাই এন এচ পি চিয়ে। এই নদীবান্ধ নিৰ্মাণৰ বাবে কেনেকৈ ২৬ হাজাৰৰো অধিক ধন এতিয়ালৈ ব্যয় হ'ল আৰু এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন হৈ পৰিছে।
ইফালে এন এচ পি চিয়ে টালিটোপোলা মাৰি কোনোমতে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন ট্ৰায়েলৰ সময়ত উৎপাদন কৰি এই বিদ্যুৎ পাৱাৰগ্ৰিডক যোগান ধৰা বুলিও এক প্ৰচাৰ চলাইছে। যদি পাৱাৰগ্ৰিডক ইতিমধ্যে বিদ্যুৎ বিক্ৰী কৰিছে তেন্তে প্ৰধানমন্ত্ৰীৰ হতুৱাই সেয়া উন্মোচন কৰাৰ যুক্তি ক'ত? ২০২৫ বৰ্ষৰ এপ্ৰিলতে বিজুলী উৎপাদন কৰিম বুলি এন এচ পি চিয়ে এতিয়ালৈকে ২০০০ মেগাৱাটৰ সলনি ২৫০ মেগাৱাট বিজুলীহে উৎপাদন কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us