লক্ষীমপুৰত গৌৰীপুৰৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু ...

লক্ষীমপুৰত কাম কৰিবলৈ গৈ মৃত্যু গৌৰীপুৰৰ এজন যুৱকৰ। মৃত যুৱকজন মলাতিখামাৰ গাঁৱৰ জৰিফ উদ্দিন সেখ বুলি জানিব পৰা গৈছে ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-21 at 7.36.20 PM

ডিজিটেল ডেস্কঃ লক্ষীমপুৰত কাম কৰিবলৈ গৈ মৃত্যু গৌৰীপুৰৰ এজন যুৱকৰ। মৃত যুৱকজন মলাতিখামাৰ গাঁৱৰ জৰিফ উদ্দিন সেখ বুলি জানিব পৰা গৈছে। যুৱকজনে ২৭ দিন পূৰ্বে কৰ্মসূত্ৰে গৈছিল লক্ষীমপুৰলৈ।আগদিনা ফোন যোগে মাতৃৰ লগত কথা পাতিছিল যুৱকজনে। পাছদিনা ফোন যোগে মৃত্যুৰ খবৰ দিয়াত ভাগি পৰিছে যুৱকজনৰ পৰিয়ালৰ লোক। 

উল্লেখ্য যে, যুৱকজনৰ মৃতদেহ আজি লক্ষীমপুৰৰ পৰা  গৌৰীপুৰলৈ অনা হয়। ইপিনে মৃত যুৱকজনৰ শৰীৰত আঘাতৰ চিহ্ন থকাৰ অভিযোগ  উত্থাপন কৰিছে পৰিয়ালৰ লোকে। যুৱকজনক হত্যা কৰা হৈছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। লগতে পৰিয়ালৰ লোকে এই সংক্ৰান্তত গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰে। 

গৌৰীপুৰ