কংগ্ৰেছ আহিলে বিহাৰ নহ'লে তিহাৰ যাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১০ বছৰ পিছত পুনৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৬৫ লাখ বাংলাদেশী অসমত প্ৰবেশ কৰিছে বুলি কৰা মন্তব্যক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি ৰাজ্য আৰু ৰাষ্ট্ৰত বিজেপি চৰকাৰ থকা অবস্থাত কাৰ দুৰ্ভাগ্যৰ বাবে এই ৬৫ লাখ বিদেশী প্ৰবেশ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
40

ডিজিটেল সংবাদ, বিশ্বনাথ : ২০১৬ চনত নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল বিজেপি চৰকাৰ আহিলে এজন এজন বিদেশী আমি চিনাক্ত কৰি বহিস্কাৰ কৰিম অসমৰ পৰা। এতিয়া ১০ বছৰ পিছত পুনৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৬৫ লাখ বাংলাদেশী অসমত প্ৰবেশ কৰিছে বুলি কৰা মন্তব্যক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি ৰাজ্য আৰু ৰাষ্ট্ৰত বিজেপি চৰকাৰ থকা অবস্থাত কাৰ দুৰ্ভাগ্যৰ বাবে এই ৬৫ লাখ বিদেশী প্ৰবেশ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

বিজেপি চৰকাৰৰ দিনত অসমৰ পৰা মাত্ৰ ২২০০ বিদেশী বহিস্কাৰ কৰিছে বিজেপি চৰকাৰে।বিনেপি চৰকাৰে মাত্ৰ ৰাজনীতি কৰিছে বিদেশীৰ নামত। মুখ্যমন্ত্ৰীৰ কথা বাৰ্তা  অসমৰ সংস্কৃতিৰ লগত মিল নাই।তেওঁ ফাষ্টেচনত থকাৰ বাবে এনে হৈছে।

নিশা টোপনিৰ ঔষধ খাই টোপনি যায় মুখ্যমন্ত্ৰীগৰাকী। কংগ্ৰেছ আহিলে বিহাৰ নহ'লে তিহাৰ যাব লাগিব মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা। দুই লাখ কোটি টকাৰ ঋণ লৈ কি উন্নয়ন কৰিছে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই বুলি প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰিও বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মিডিয়া তত্বাবধায়ক হৰ্ষত শৰ্মা আৰু ৰাজ্যিক মিডিয়া বিভাগৰ তত্বাবধায়ক সন্দীপন শৰ্মাই।

কংগ্ৰেছ