GMCHত ভয়ংকৰ ঘটনাঃ তদন্তৰ ঘোষণা অধীক্ষকৰ, দুটি শিশুৰ অৱস্থা সংকটজনক...

উত্তৰ-পূবৰ ভিতৰতে সবাতোকৈ সুৰক্ষিত আৰু উন্নত চিকিতসা প্ৰদানৰ দাবী কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আই চি ইউৰ বিচনাৰ পৰা

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
DDDDD

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ ভিতৰতে সবাতোকৈ সুৰক্ষিত আৰু উন্নত চিকিৎসা প্ৰদানৰ দাবী কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আই চি ইউৰ বিচনাৰ পৰা সৰি পৰিল তিনিটাকৈ শিশু। প্ৰাপ্ত খবৰ অনুসৰি ইয়াৰে দুটা শিশু পকাত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে এটি শিশুৰ মৃত্যু হৈছে।

Advertisment

উল্লেখযোগ্য যে, যোৱা ১৫আগষ্টত সংঘটিত হৈছিল এই ঘটনাতো। শিশুকেইটিৰ পৰিয়ালৰ লোকে সদৰি কৰা মতে, বেবী আই চি ইউত উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে। এই ঘটনা প্ৰথম পৰ্যায়ত হস্পাতাল কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কৰিছিল যদিও ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশই।

ইফালে এই ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে বৰ্তমানৰ জি এম চিৰ অধ্যক্ষ আৰু জি এম চি এইচৰ মুখ্য অধীক্ষক ডা অচ্যুত চন্দ্ৰ বৈশ্যই উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে। ইতিমধ্যে প্ৰসূতি বিভাগত উপস্থিত হৈ তদন্তকাৰী দলটোৱে তন্ন তন্নকৈ সকলো পৰীক্ষা কৰিছে। CC কেমেৰাৰ ফুটেজো পৰীক্ষা কৰিব তদন্তকাৰী দলটোৱে।

আনফালে মৃত শিশুটিৰ পিতৃ উতপল হালৈয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মই বেবীক আৰু ঘূৰাই নাপাও। ডাক্তৰে যি কৈছিল, তাকে কৰি গৈছিলো। মোৰ বেবীক সম্পূৰ্ণ ডাক্তৰৰ গাফিলতিৰ বাবে হেৰুৱালো’

এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই সংবাদমেল সম্বোধন কৰি এই সমগ্ৰ ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ কথা সদৰি কৰে। তেওঁ লগতে কয় যে, কোনোবাই যদি কৰ্তব্যত গাফিলতি কৰিছে, তেন্তে তাৰ শাস্তি পাব। কিন্তু আমি ৰোগীক সম্পূৰ্ণ গুৰুত্বসহকাৰে লৈ সকলো কাম কৰো। উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়ৰ লৈকে সকলোৱে অতি নিষ্ঠাৰে কাম কৰা দেখিছো।
উল্লেখ কৰা প্ৰয়োজন যে, আঘাতপ্ৰাপ্ত হোৱা আন দুটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

গুৱাহাটী