/asomiyapratidin/media/media_files/2026/03/03/jdjdjdjd-2026-03-03-21-25-44.jpg)
ডিজিটেল ডেস্কঃ অসম বিধানসভা নিৰ্বাচন-২০২৬ৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থিত্বৰ তালিকা। ৪২টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে কংগ্ৰেছে। ২০২৬ত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে গৌৰৱ গগৈয়ে। যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হৈ থকা গৌৰৱ গগৈ কেন্দ্ৰীয় নেতৃত্বই যোৰহাট বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, বিধানসভাৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব। যোৰহাট বিধান সভা সমষ্টিত কংগ্ৰেছৰ ভেটিঁ যথেষ্ট শক্তিশালী আছিল। এই সমষ্টিটোত ১৯৯১চনৰ পৰা ২০২১ৰ লৈকে এই সমষ্টিটোত অগপ, কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে।
১৯৯১, ১৯৯৬ আৰু ২০০১চনৰ নিৰ্বাচনত এই সমষ্টিটোত জয়ী হৈছে অগপৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী। ইয়াৰ পিছতে যোৰহাট বিধানসভা সমষ্টি ২০০৬চনত কংগ্ৰেছে দখল কৰিছিল। ২০০৬ আৰু ২০১১চনৰ নিৰ্বাচনত ইয়াৰ পৰা জয়ী হৈছিল কংগ্ৰেছৰ ৰাণা গোস্বামী। তেৱোঁ এতিয়া বিজেপিৰ নেতা।
২০১৬চনৰ নিৰ্বাচনত এই সমষ্টিত পুনৰ বিধায়ক হৈছিল হিতেন্দ্ৰ নাথ গোস্বামী। এইবাৰ গোস্বামীয়ে বিজেপিৰ টিকটত এই সমষ্টিৰ পৰা জয়ী হৈছে। ২০২১ৰ নিৰ্বাচনতো এই সমষ্টি বিজেপিয়ে দখল কৰিছিল। এইবাৰ এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ। পৰিস্থিতিলৈ চাই এই সমষ্টিটোত পুনৰ বিজেপিৰ প্ৰাৰ্থী হ'ব হিতেন্দ্ৰ নাথ গোস্বামী। এতিয়া গৌৰৱ গগৈ আৰু হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, সেয়া নিশ্চিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us