সম্প্ৰীতিৰ নিদৰ্শনঃ হিন্দু লোকৰ সৎকাৰত ইছলাম ধৰ্মাৱলম্বীৰ অংশগ্ৰহণ

অতীজৰ পৰা সম্প্ৰীতিৰ নিদৰ্শন বহন কৰি অহা তীৰ্থ নগৰী হাজোত আজিও অব্যাহত আছে হিন্দু মুছলমানৰ ভাতৃত্বৰ এনাজৰী। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অসমত পুনৰ  দেখা গ'ল সম্প্ৰীতিৰ অনন্য নিদৰ্শন। হিন্দু ব্যক্তিৰ নশ্বৰ দেহ সৎকাৰ কৰিলে ইছলাম ধৰ্মী লোকে। পিছে এই ঘটনা সংঘটিত হৈছে তীৰ্থ নগৰী হাজোত। ৯০ শতাংশ ইছলাম ধৰ্মৰ লোকে বাস কৰা কোৱাপুৰত বাস কৰিছিল মাত্ৰ তিনি ঘৰ হিন্দু ধৰ্মৰ লোক। 

WhatsApp Image 2026-01-06 at 10.26.35 AM

উল্লেখ্য যে, গাঁওখনৰ বিশিষ্ট সমাজকর্মী সুৰেন দাসৰ নিশা  বাৰ্ধক্য জনীত ৰোগত মৃত্যু হয়। ইপিনে মৃত্যুৰ খবৰ বিয়পি পৰাত পুৱা প্ৰয়াত সুৰেন দাসৰ বাসগৃহত ভিৰ কৰে শ শ ইছলাম ধৰ্মী লোকে। লোকজনৰ মৃত্যুৰ পাছত তেখেতৰ সৎকাৰ কৰিবলৈ ওলাই আহিল ইছলাম ধৰ্মৰ লোকসকল।

দুই পুত্ৰৰ সহযোগত  হিন্দু ধর্মৰ নিয়ম–নীতিৰ মাজৰে ইছলাম ধৰ্মৰ লোক সকলে ছিটাত তুলি দিলে প্ৰয়াত সুৰেন দাসক। অতীজৰ পৰা সম্প্ৰীতিৰ নিদৰ্শন বহন কৰি অহা তীৰ্থ নগৰী হাজোত আজিও অব্যাহত আছে হিন্দু মুছলমানৰ ভাতৃত্বৰ এই এনাজৰী। 

হাজো সম্প্ৰীতিৰ নিদৰ্শন