/asomiyapratidin/media/media_files/2026/03/02/whatsapp-image-2026-03-02-13-10-33.jpeg)
ডিজিটেল ডেস্কঃআমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ ততৃীয় দিনাও অব্যাহত আছে উত্তেজনা। ইপিনে ইৰানে আমেৰিকাৰ সামৰিক ঘাটিতো চলাইছে আক্ৰমণ।
উল্লেখ্য যে, ইৰানে কুৱেটত থকা আমেৰিকাৰ দূতাবাস, বাহৰেইনৰ মানামাত থকা আমেৰিকাৰ নৌসেনাৰ ৫ম মুখ্য কাৰ্যালয় আৰু জৰ্ডানত থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি মিছাইল আক্ৰমণ সংঘটিত কৰে। ইপিনে কুৱেইটৰ আকাশমাৰ্গত আমেৰিকাৰ যুদ্ধ বিমান F-15 দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰা গৈছে। পেট্ৰিয়াট মিছাইল ব্যৱস্থাৰ দ্বাৰা ভুল চিনাক্তকৰণ বা আই এফ এফৰ বিজুতিৰ সন্দেহ কৰা হৈছে।অৱশ্যে এই সন্দৰ্ভত বিষয়াসকলে কোনো আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us