/asomiyapratidin/media/media_files/2025/10/19/breaking-news-2025-10-19-21-56-11.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ নাম কামাখ্যাত শুক্ৰবাৰে নিশা প্ৰায় ৯ বজাত বন্যহস্তীৰ আক্ৰমণত এজন যুৱক থিতাতে নিহত হয়। পেচাত কাঠমিস্ত্ৰী নিহত যুৱক জন স্থানীয় ভূৱন ওৰফে ধুন বৰদলৈ (৩২)বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে নিশা কামাখ্যা গাঁৱৰ ধাননি পথাৰলৈ বুলি অহা হাতীৰ জাকক খেদি পঠিওৱাৰ বাৱে ঘৰৰ পৰা নিশাৰ অন্ধাকাৰত বাহিৰলৈ ওলাই অহাৰ সময়তে ধুন বৰদলৈক এটা বনৰীয়া হাতীয়ে চোচা লৈ আক্ৰমণতেই ক্ষান্ত নাথাকি মুৰত গচকি দিয়ে ৷
উক্ত আক্ৰমণত যুৱকজন থিতাতে নিহত হয় ৷ যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷উল্লেখ্য যে,কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱে জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us