/asomiyapratidin/media/media_files/2025/12/15/1-2025-12-15-12-22-25.jpg)
ডিজিটেল সংবাদ,হাজোঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কামৰূপ জিলাৰ হাজো মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰচ'ৰাত তীব্ৰ খোৱা-কামুৰা ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে। নতুনকৈ নিৰ্বাচিত হোৱা মণ্ডল সভানেত্ৰী দিপাঞ্জলী ভৰালীৰ কাৰ্যকলাপক লৈ একাংশ দলীয় কৰ্মীয়ে গভীৰ অসন্তুষ্টি ব্যক্ত কৰিছে।
শেহতীয়াকৈ ৰামদিয়াত অনুষ্ঠিত বিজেপি মহিলা মৰ্চাৰ এক গুৰুত্বপূৰ্ণ সভাত নৱ নিযুক্ত সভানেত্ৰী দিপাঞ্জলী ভৰালীয়ে টিকট প্ৰত্যাশী জ্যেষ্ঠ নেত্রী গুণো মেধিক সভা চলি থকাৰ মাজতে বাহিৰ কৰি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।
দলীয় সূত্ৰ আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, মণ্ডলৰ নতুন সভানেত্ৰী দিপাঞ্জলী ভৰালীয়ে ক্ষমতা লাভৰ পাছত উঠি ৰজা বহি ৰজাৰ দৰে আচৰণ কৰিছে। ৰামদিয়াত অনুষ্ঠিত মহিলা মৰ্চাৰ সভাত সভানেত্ৰী দিপাঞ্জলী ভৰালীয়ে কোনো কাৰণ নজনোৱাকৈ গুণো মেধিক সভাৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে।
সভাৰ পৰা বাহিৰ হৈ অহাৰ পাছত লাজ আৰু অপমানে গুণো মেধি নামৰ বিজেপি নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ ক্ষোভ উজাৰে। তেওঁ এই কাৰ্যক দলীয় মাৰ্যাদাৰ পৰিপন্থী আৰু ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ বুলি অভিহিত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us