/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-17-49-08.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰীতো জাপানীজ এনকেফেলাইটিছৰ ক্ৰমবৰ্ধমান সংক্ৰমণ ৰোধ কৰিবলৈ জিলা স্বাস্থ্য বিভাগে এক বৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিছে। আজিৰে পৰা ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকক জাপানীজ এনকেফেলাইটিছ টিকাকৰণৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/c41ba25e-913.png)
উল্লেখযোগ্য যে, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে এই টিকাকৰণৰ শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক ডা: সবিতা দাস আৰু ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত ৰিপণজ্যোতি নাথে। ইপিনে ধুবুৰীৰ ১৫৭০ খন গাঁৱৰ ৮,৪৭,৭৫২ জন লোকক সামৰি লোৱা হ'ব এই টিকাকৰণত। ২৩৭ জনকৈ চিকিৎসা কৰ্মীৰ গোটে ২১ দিনৰ ভিতৰত টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে।
/asomiyapratidin/media/post_attachments/124b82c9-c5d.png)
ধুবুৰীৰ উপায়ুক্তই এই সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰি জনসাধাৰণক কোনো উৰাবাতৰিত ভোল নগৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে স্বাস্থ্যকৰ্মীসকলক ঘৰে ঘৰে গৈ কোনো এজনো যোগ্য ব্যক্তি যাতে বাদ পৰি নাযায়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/56b40091-404.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us