/asomiyapratidin/media/media_files/2026/02/03/1-2026-02-03-14-30-03.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলা কাৰ্যালয়ত দিল্লী প্ৰদেশৰ আৰ কে পূৰমৰ বিধায়ক অনিল শৰ্মা, বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায় আৰু বিজেপি নেতা তথা গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বাজেট-২০২৬ ৰ ওপৰত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত এইবাৰৰ কেন্দ্ৰীয় বাজেটত যুৱক আৰু মহিলা সকলক স্বাবলম্বী কৰিবলৈ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে দিল্লী প্ৰদেশৰ আৰ কে পূৰমৰ বিধায়ক অনিল শৰ্মাই।
/asomiyapratidin/media/post_attachments/8b7c8f55-724.png)
সংবাদমেলত বিজেপি নেতা তথা গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে কয় যে- এইবাৰৰ কেন্দ্ৰীয় বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন শিল্প বিকাশৰ বাবে বিশেষ ব্যৱস্থা লৈছে সেয়া আগন্তুক দিনত এই অঞ্চলৰ উন্নতিৰ দিশত ত্বৰান্বিত কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসমূহৰ বিভিন্ন ফেস্টিভেলৰ বাবে ৬০০ কোটি টকা প্ৰথমবাৰৰ বাবে আৱন্টন দিছে এইবাৰৰ কেন্দ্ৰীয় বাজেটত। ৮৫০০ কোটি টকা ডোনাৰ মন্ত্ৰালয়ৰ বাবে আৱন্টন সেয়া পূৰ্বৰ তুলনাত দুগুণ। বাৰানসীৰ পৰা শিলিগুৰি লৈ হাই স্পিড ৰে'ল কৰিডৰে ধুবুৰী তথা এই অঞ্চলৰ উন্নয়ন ক্ষেত্ৰত নৱজাগৰণৰ সৃষ্টি কৰিব বুলিও তেওঁ উল্লেখ কৰে।
২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্য লৈ যোগাযোগ, পৰ্যটন, শিক্ষা, স্বাস্থ্য আদি দিশৰ ক্ষেত্ৰত এই বাজেটে নতুনকৈ আমাক উৎসাহিত কৰিছে বুলি কয়। কৰৰ ক্ষেত্ৰতো ৰেহাই দিয়া কাৰ্যই সধাৰণ ৰাইজক ৰেহাই দিব। সংবাদমেলত বিধায়ক অনিল শৰ্মাই কয় যে, এয়া বিকশিত ভাৰতৰ বাবে এই বাজেট। ২০ টাকৈ নতুন জল পথে যোগাযোগ ব্যৱস্থা ই দেশৰ যোগাযোগ ক্ষেত্ৰত নতুন সুচনা কৰিব। প্ৰতিখন জিলাত ছোৱালীৰ বাবে হোষ্টেল,কেঞ্চাৰৰ বেমাৰৰ ঔষধত ৰেহাই আদিয়ে এক নতুন ভাৰতৰ প্ৰতিষ্ঠা কৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us