ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড...

সমাগত ২০২৬ৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পূৰ্বে ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰে এজন লোকে।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পূৰ্বে ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ ভাবুকি এজন লোকৰ। ভাবুকি দিয়েই লোকজনে ধুবুৰীৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত চলালে আক্ৰমণ। ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত লোকজনে কাঠৰ টুকুৰা লৈ প্ৰৱেশ কৰি কাৰ্যালয়ৰ দুৱাৰৰ গ্লাছ আৰু তিনিটাকৈ কম্পিউটাৰ ভাঙি  লণ্ড ভণ্ড কৰে । 

ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক। উক্ত ঘটনাক কেন্দ্ৰ কৰি নিৰ্বাচনী বিষয়া কাৰ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে।ইপিনে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আক্ৰমণ কৰা লোকজন ধুবুৰীৰ পানবাৰীৰ আব্দুল ৰছিদ বুলি জানিব পৰা গৈছে। এছ আৰ আৰু ডি ভোটাৰক লৈ ৰাজ্যত বৰ্তনানে চলি থকা কুটিল ৰাজনীতিত ক্ষোভ প্ৰকাশ কৰি পানবাৰীৰ আব্দুল ৰছিদে এই আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে। ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া নাছিল বুলি অভিযোগ।

WhatsApp Image 2026-02-16 at 11.37.12 AM

ধুবুৰী