/asomiyapratidin/media/media_files/2025/12/09/1-2025-12-09-12-12-53.jpg)
ডিজিটেল ডেস্কঃ অসমৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে জনতাৰ শিল্পী জুবিন গাৰ্গক এক বিশেষ মৰ্যাদাৰে সন্মানিত কৰে। আজি কটন বিশ্ববিদ্যালয়ে জনতাৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি লীট সন্মান প্রদান কৰে।
লক্ষ্যণীয় যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জুবিন গাৰ্গক তেওঁৰ কলা, সংস্কৃতি আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডি. লীট. সন্মান প্ৰদান কৰে। অসমৰ সংগীত, সংস্কৃতি আৰু সমাজলৈ জুবিন গাৰ্গে আগবঢ়োৱা অতুলনীয় অৱদানক স্বীকৃতি জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বিশেষ সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল।
আজি কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিল্পী গৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ হাতত এই বঁটা অৰ্পন কৰে।
উল্লেখ্য যে, আজি অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীকো শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় ডি. লীট. উপাধি প্ৰদান কৰা হয়। তাৰোপৰি, খেলুৱৈ হিচাপে অসমৰ গৌৰৱ হিমা দাসকো আজিৰ সমাবৰ্তনতে স্নাতক ডিগ্ৰী প্ৰদান কৰিব কটন বিশ্ববিদ্যালয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us